প্ৰজেক্ট কন্যাদান : বিবাহপাশত আৱদ্ধ হ'ল ১৬ যোৰা দৰা-কইনা - Community Wedding

By ETV Bharat Assamese Team

Published : May 27, 2024, 9:07 PM IST

thumbnail
প্ৰজেক্ট কন্যাদান (ETV Bharat)

গুৱাহাটী,২৭ মে': উখল-মাখল পৰিৱেশ বশিষ্ঠ চাৰিআলিৰ নতুন বজাৰ মন্দিৰ প্ৰাঙ্গনত । কাৰণ মন্দিৰত বিশেষ বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । হোমৰ জুইক সাক্ষী কৰি বিবাহপাশত আৱদ্ধ হ'ল ১৬ যোৰা দৰা-কইনা । অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা পাত্ৰ-পাত্ৰী বহিল বিয়াত । আনকি ৬০ৰ উৰ্ধৰ পাত্ৰ-পাত্ৰীকো দেখা গ'ল এই বিবাহ অনুষ্ঠানত । এয়া আচলতে ফেয়াৰীটেল চ'ছাইটিৰ আদৰণীয় পদক্ষেপ ।

চ'ছাইটিটোৱে 'প্ৰজেক্ট কন্যাদান' নামেৰে এই সমূহীয়া বিবাহ কাৰ্যসূচীৰ হাতত লয় । আৰ্থিক বা আন কাৰণত ৰাজহুৱাভাৱে বিবাহ কাৰ্য সম্পাদন কৰিব নোৱৰা একাংশ দম্পতীক এই চ'ছাইটিয়ে সহায় কৰি আহিছে । চ'ছাইটিয়ে দৰা-কইনাৰ বস্ত্ৰ, গহনা আদিকে ধৰি বিয়াৰ সকলো খৰচ বহন কৰে । বিগত বছৰ ফেয়াৰীটেল চ'ছাইটিটোৱে গুৱাহাটীৰ লালমাটি দুৰ্গা মন্দিৰত ২৬ যোৰা দৰা-কইনাৰ বিবাহকাৰ্য সম্পন্ন কৰিছিল । চ'ছাইটিটোৰ এই পদক্ষেপক বিভিন্নজনে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক :চৰাইদেউক আকৰ্ষণীয় পৰ্যটনস্থলী কৰাৰ লক্ষ্যৰে প্ৰকৃতিপ্ৰেমীৰ নিৰলস প্ৰচেষ্টা - Nature Lover Of Charaideo

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.