ETV Bharat / state

চৰাইদেউক আকৰ্ষণীয় পৰ্যটনস্থলী কৰাৰ লক্ষ্যৰে প্ৰকৃতিপ্ৰেমীৰ নিৰলস প্ৰচেষ্টা - Nature lover of Charaideo

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 11:04 AM IST

Nature lover of Charaideo: সেউজ বিপ্লৱ তথা ঐতিহাসিক চৰাইদেউক আকৰ্ষণীয় কৰি তোলাৰ লক্ষ্যৰে চৰাইদেউৰ প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ নিৰলস প্ৰচেষ্টা ৷ সোণাৰু-কৃষ্ণচূড়া-কাঞ্চনৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে চৰাইদেউ ৷

Nature lover of Charaideo
প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ একাণপতীয়া প্ৰচেষ্টাত ৰঙীণ হৈ পৰিছে চৰাইদেউ (Etv bharat assam)

মৰাণ, 27 মে’: উন্নয়নৰ নামত বন ধ্বংস যজ্ঞ অব্যাহত থকাৰ সময়তো একাংশই সেউজীয়া প্ৰকৃতিক ধৰি ৰখাৰ বাবে চলাই গৈছে নিৰলস প্ৰচেষ্টা ৷ সেউজীয়া প্ৰকৃতিক ভাল পোৱা বহুলোকে নিস্বাৰ্থ আৰু নিৰবিচ্ছিন্নভাবে কৰি গৈছে পৰিবেশ সংৰক্ষণৰ কাম । ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাক সোণাৰুৰ হালধীয়া ৰঙৰে ৰঙীণ কৰি তোলাৰ প্ৰয়াস বৰ্তমানেও অব্যাহত প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ ।

যাত্ৰাৰ আৰম্ভণি:

উল্লেখ্য যে, পৰ্যটনস্থলী চৰাইদেউক আকৰ্ষণীয় কৰি তুলিবৰ বাবে জিলাখনৰ শিল্পী সমাজ, একাংশ সংবাদকৰ্মী, সমাজকৰ্মী, ব্যৱসায়ী তথা ৰাইজৰ সহযোগত 2019 চনৰ পৰা প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইয়ে ৰোপণ কৰি আহিছে গছ পুলি ৷

এই কাৰ্যৰ দ্বাৰা চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত সোণাৰু-কৃষ্ণচূড়া-কাঞ্চনৰ গছপুলি ৰোপণ কৰি চৰাইদেউ জিলাখনক চিৰসেউজ কৰি তুলিবলৈ সক্ষম হৈছে পাটকাইয়ে । প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে চৰাইদেউ জিলাত বৰ্তমানলৈকে 75 হাজাৰৰো অধিক বৃক্ষৰোপণ কৰা তথা সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানে সম্পূৰ্ণ কৰিলে চাৰিটা বছৰ ৷

প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ একাণপতীয়া প্ৰচেষ্টাত ৰঙীণ হৈ পৰিছে চৰাইদেউ (Etv bharat assam)

প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ একাণপতীয়া প্ৰচেষ্টাত বৰ্তমান চৰাইদেউ জিলাখন সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া ফুলেৰে ৰঙীণ হৈ পৰিছে ।

উল্লেখ্য যে, অনুপ পাটকাইৰ নেতৃত্বত ইতিমধ্যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হৈছে হাজাৰ হাজাৰ গছপুলি ৷ কেৱল ৰোপণেই নহয় এই গছপুলিসমূহ নিয়াৰিকৈ প্ৰতিপালন কৰি থকাৰ ফলত ইতিমধ্যে প্ৰায়বোৰেই লহপহকৈ বৃদ্ধি পায় অহা পৰিলক্ষিত হৈছে । সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া গছত এতিয়া ফুলে পাহি মেলাত উৎসাহিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই ।

লক্ষ্য পৰ্যটক:

প্ৰকৃতিপ্ৰেমীগৰাকীয়ে কয় যে ঐতিহাসিক চৰাইদেউলৈ পৰ্যটক আহিলে এতিয়াৰে পৰা সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া ফুলে অধিক আকৰ্ষিত কৰিব তেওঁলোকক ।‌ বিশেষ মূলধন খৰচ নকৰাকৈয়ে কেৱল মাত্ৰ সু পৰিকল্পনা যুগুত কৰি চাৰিটা বছৰে জিলাখনত হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰা হৈছে বুলিও জানিবলৈ দিছে প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ।

যি সময়ত অমৃত বৃক্ষৰ নামত ৰাজ্য‌ চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে তেনে সময়ত প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ নীৰৱ সেউজ সাধনা এক অনন্য নিদৰ্শন হিচাপে পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: সমাপ্ত হ’ল চাকৰি জীৱনৰ; সেউজ বিপ্লৱৰ লক্ষ্যৰে খেতি কৰ্ম আৰম্ভ অৱসৰপ্ৰাপ্ত শিক্ষকৰ - Self Reliant Retired teacher

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.