ETV Bharat / state

দুৰ্ঘটনাত পতিত বেলট বাকচ কঢ়িওৱা বাহন: দণ্ডাধীশসহ তিনিজন আৰক্ষী জোৱান আহত - Accident in Dergaon

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 4:00 PM IST

Accident in Dergaon: বেলট বাকচ কঢ়িয়াই অনা বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত চৰকাৰী বিষয়াসহ তিনিজন আৰক্ষী জোৱান ।

Vehicles carrying ballot boxes met accident in dergaon
দুৰ্ঘটনাত পতিত বেলট বাকচ কঢ়িওৱা বাহন (Etv bharat assam)

দুৰ্ঘটনাত পতিত বেলট বাকচ কঢ়িওৱা বাহন (Etv bharat assam)

দেৰগাঁও, 8 মে’: দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হ’ল বেলট বাকচ কঢ়িয়াই অনা বলেৰ' গাড়ী ৷ জানিব পৰা মতে, চৰাইদেউৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাহনখন ৷ দণ্ডাধীশসহ আৰক্ষী আছিল বাহনখনৰ ভিতৰত ৷

উল্লেখ কৰা প্ৰয়োজন যে ক্ৰমান্বয়ে মৃত্যুদূতলৈ পৰিৱৰ্তিত হৈছে গোলাঘাট জিলাৰ দেৰগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথটো । দৈনিক দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পৰিলক্ষিত হৈছে সৰু-বৰ পথ দুৰ্ঘটনা । এইবাৰ চৰাইদেউৰ পৰা দণ্ডাধীশসহ আৰক্ষী থকা এখন বলেৰ' বাহন দুৰ্ঘটনাগ্ৰস্থ হয় । চৰাইদেউৰ পৰা গুৱাহাটী অভিমুখে আহি থকা বলেৰ' বাহনখনত সমীপৰ পথৰ পৰা ওলায় অহা ডাম্পাৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাৰ ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত বলেৰ’খনৰ পঞ্জীয়ন নম্বৰ AS06-AD-9787 ৷

বলেৰ' বাহনখন বাগৰি পৰাৰ ফলত আহত হয় বলেৰ’ খনৰ ভিতৰত থকা তিনিজনকৈ আৰক্ষী কনিষ্টবলৰ লগতে দণ্ডাধীশগৰাকী । ঘটনাস্থলীত দেৰগাঁও আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখযোগ্য যে, দেৰগাঁৱৰ এই ৰাষ্ট্ৰীয় ঘাইপথটোতে জানুৱাৰী মাহত সংঘটিত হৈছিল সমগ্ৰ দেশ জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা, য’ত থিতাতে নিহত হৈছিল শিশুসহ বাৰজনকৈ লোক । গোলাঘাটৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা এখন যাত্ৰী কঢ়িয়াই বাছৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা এখন কয়লা ভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হৈছিল উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাটো ।

বুধবাৰে সংঘটিত হোৱা এই পথ দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: ভোগালীৰ আনন্দৰ মাজতেই দেৰগাঁৱত আকৌ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.