ভোগালীৰ আনন্দৰ মাজতেই দেৰগাঁৱত আকৌ পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 4:49 PM IST

thumbnail

গোলাঘাট, 15 জানুৱাৰী: ৰাজ্যৰ চাৰিওফালে ভোগালীৰ আনন্দ উল্লাস চলি থকাৰ মাজতে দেৰগাঁৱত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।
পৰশুৰাম কুণ্ডৰ পৰা তীৰ্থ ভ্ৰমণ কৰি গুৱাহাটী অভিমুখে আহি থকা AR 01 G 2519 নম্বৰৰ ৰিছা নামৰ এখন বাছ আৰু যোৰহাট অভিমুখী AS 03 E 2210 নম্বৰ চেন্ট্ৰ’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুজন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় । 

ঘটনা স্থলীত দেৰগাঁও আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ চেন্ট্ৰ’ত থকা দুই আৰোহীক প্ৰথমে দেৰগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । বাছখনৰ কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে । যোৱা 3 জানুৱাৰীত বালিজনত সংঘটিত পথদুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছিল 12 গৰাকী লোকে ৷ 

লগতে পঢ়ক: উৰুকাৰ নিশা লখিমপুৰত পথ দুৰ্ঘটনা, এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.