Congress AIUDF alliance : AIUDF ৰ লগত কংগ্ৰেছৰ কোনো কাৰণতে মিত্ৰতা নহয়; কমলাক্ষ দে’ পুৰকায়স্থ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 4:04 PM IST

thumbnail

হোজাই, 25 ছেপ্টেম্বৰ : এ আই ইউ ডি এফৰে মিত্রতা সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷ সোমবাৰে হোজাইত উপস্থিত হৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ বিধায়কজনে ৷

তেওঁ কয় যে, এই কথাটো আমি আগতেই কৈছো আৰু বৰ্তমান এইয়া স্পষ্ট হৈ গ’ল ৷ আমি আগতেই কৈছিলো, কিন্তু আমি ৰাজ্যিক নেতৃত্ব কাৰণে কেতিয়াবা আমাৰ কথা ৰাইজে বিশ্বাস কৰে আৰু কেতিয়াবা আমাৰ কথাবোৰ ৰাইজে বিশ্বাস নকৰে ৷ কিন্তু এতিয়া সকলো স্পষ্ট হৈ পৰিল ৷  

বিধায়কজনে কয় যে, "AIUDF ৰ লগত মিত্ৰতা কৰা আৰু বিজেপিৰ লগত মিত্ৰতা কৰা একেই কথা ৷ বিগত 5-7 বছৰত বদৰুদ্দিন আজমলৰ বেংক বেলেন্স, ব্যৱসায়ৰ উন্নতি হৈছে ৷ বিজেপিয়ে বদৰুদ্দিন আজমলৰ ব্যৱসায়লৈহে চিন্তা কৰে ৷ বেংগলী মানুহৰ সমস্যাক লৈ বিজেপিয়ে মাত নামাতে; তেওঁলোকক ভোটহে লাগে ৷"

AIUDF ৰ দোকান বন্ধ হব বুলি উল্লেখ কৰি বিধায়কজনে কয় যে "বদৰুদ্দিন জিকিলে বিজেপি জিকিব, বদৰুদ্দিন হাৰিলে বিজেপি হাৰিব ৷ যিটো পাৰ্টিয়ে বিজেপিক সহায় কৰি আছে সেই পাৰ্টীৰ সৈতে আমি কিয় মিত্ৰতা কৰিম ৷ " AIUDF ৰ লগত কংগ্ৰেছৰ কোনো কাৰণতে মিত্ৰতা নহয় বুলি মন্তব্য কৰে বিধায়কজনে ৷ 

লগতে পঢ়ক : Congress AIUDF alliance: ৰাহুল গান্ধীয়ে কোনো নতুন কথা কোৱা নাই; এ আই ইউ ডি এফ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.