ETV Bharat / state

Congress AIUDF alliance: ৰাহুল গান্ধীয়ে কোনো নতুন কথা কোৱা নাই; এ আই ইউ ডি এফ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:58 PM IST

Updated : Sep 25, 2023, 9:40 AM IST

MLA Aminul Islam Reacts to Rahul Gandhis Comment
বিধায়ক আমিনুল ইছলাম

এ আই ইউ ডি এফৰে মিত্রতা সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বিধায়ক আমিনুল ইছলামৰ। I.N.D.I.A ই আচলতে এ আই ইউ ডি এফ দলক এখন আসনৰ অ'ফাৰ দিছিল। এ আই ইউ ডি এফ দলে সেইটো মানি নলয়। এ আই ইউ ডি এফ দলে ইতিমধ্যে চৰ্তহীনভাৱে I.N.D.I.Aৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বুলি কয় তেওঁ।

ধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ ভূমিকা তথা স্থিতি কি হ'ব ? মিত্রতা অবিহনে অকলেই আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব নেকি দলটো ? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই প্ৰশ্ন আৰু অধিক প্ৰকট হৈ পৰিছে ৷ কাৰণ বিজেপিক প্ৰতিহত কৰাৰ একমাত্র স্বাৰ্থত প্ৰায় সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মৰ্চাৰ 'I.N.D.I.A' গঠন হোৱাৰ সমান্তৰালকৈ অসমতো ১২টাকৈ বিৰোধী শক্তি ঐক্যবদ্ধ হৈছে ৷ কিন্তু ক'তো স্থান পোৱা নাই বদৰুদ্দিন আজমলে ৷ অৱশ্যে বদৰুদ্দিন আজমলে আশা বাদ দিয়া নাই ৷ অসমত প্ৰদেশ কংগ্ৰেছে এ আই ইউ ডি এফৰে কোনো কাৰণত তথা কোনো পৰিস্থিতিতে মিত্রতা নহয় বুলি বহু পূৰ্বেই স্পষ্ট কৰি দিছে যদিও বদৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফৰ নেতাসকলে মিত্রতাৰে পোষকতা কৰি আহিছে ৷ আনকি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্রকে ধৰি কেইবাগৰাকী শীৰ্ষস্থানীয় নেতাই এ আই ইউ ডি এফৰে মিত্রতা নাই আৰু নহয় বুলি স্পষ্টভাৱে ব্যক্ত কৰাৰ পাছতো সাংসদ আজমলে কংগ্ৰেছ হাইকামাণ্ডৰ কথা কৈ আহিছে ৷

কিন্তু অৱশেষত দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এইক্ষেত্রত স্থিতি স্পষ্ট কৰিলে ৷ দিল্লীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ সাক্ষাতকাৰত ৰাহুল গান্ধীয়ে স্পষ্টভাৱে কয় যে এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই ৷ ৰাহুল গান্ধীৰ এনে বক্তব্যৰ পাছত এ আই ইউ ডি এফৰ প্ৰতিক্ৰিয়া জনাৰ বাবে দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰে যোগাযোগ কৰা হৈছিল ৷ ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁ কয় যে আচলতে ৰাহুল গান্ধীয়ে কোনো নতুন কথা কোৱা নাই ৷ এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ কোনো মিত্রতা নাই ৷ ৰাহুল গান্ধীয়ে পুৰণা কথাই কৈছে ৷ ইয়াক লৈ আমি চিন্তিত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে আমি বিচাৰো সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব লাগে ৷

তেওঁ কয় যে, বিজেপিক পৰাভূত কৰিবলৈ সকলো ঐক্যবদ্ধ হ'ব লাগিব ৷ তেওঁ কয় যে এইটো দলক নলও, সেইটো দলক নলও বুলি কৈ থকাৰ অৰ্থটো বেলেগ ৷ বিজেপিয়ে কয় এ আই ইউ ডি এফ কংগ্ৰেছৰ এজেণ্ট আৰু কংগ্ৰেছে কয় এ আই ইউ ডি এফ বিজেপিৰ 'বি টিম' ৷ এই সন্দৰ্ভত তেওঁ কয় যে এ আই ইউ ডি এফ কাৰো টিম নহয় ৷ তেওঁ লগতে কয় যে মিত্রতা হওক বা নহওক এ আই ইউ ডি এফ দলে তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেয়া ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে ৷ I.N.D.I.A ই আচলতে এ আই ইউ ডি এফ দলক এখন আসনৰ অ'ফাৰ দিয়া বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে এ আই ইউ ডি এফ দলে সেইটো মানি নলয় ৷

তেওঁ লগতে কয় যে এ আই ইউ ডি এফ দলে ইতিমধ্যে চৰ্তহীনভাৱে I.N.D.I.Aৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সমৰ্থন দিয়া বুলি তেওঁ সদৰি কৰে ৷ তেওঁ আৰু কয় যে এইমূহুৰ্তত I.N.D.I.A টিম তথা ৰাহুল গান্ধীয়ে ভাল মুছলিম ফেচ অহাটো বিচৰা নাই ৷ ইয়াৰ অন্তৰালত ৰাজনৈতিক কাৰণ আছে বুলি সদৰি কৰি তেওঁ কয় যে তেওঁলোক ইয়াক লৈ ইমান চিন্তিত নহয় ৷ নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত এ আই ইউ ডি এফে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সদৰি কৰি তেওঁ কয় যে পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে দলে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ইফালে ৰাহুল গান্ধীৰ বক্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ৰাহুল গান্ধীয়ে কৈ দিয়াৰ পাছত এই প্ৰশ্নৰ কোনো অৱকাশ নাই ৷ ইমান দিনে আমি কৈ আহিছিলো আৰু আজি আমাৰ নেতাই কৈ দিলে বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে এ আই ইউ ডি এফে কি ক'ব কি নক'ব সেইটো মুখ্যমন্ত্রীয়ে সিদ্ধান্ত ল'য় ৷ অসমৰ মানুহৰ বাবে এ আই ইউ ডি এফ ফেক্টৰ নহয় বুলি সদৰি কৰি তেওঁ কয় যে আমি ১৪ দিনৰ বাবে চৰে চৰে গৈ আছো ৷ লক্ষণীয় বিষয় যে কংগ্ৰেছ দলে বাৰম্বাৰ মিত্রতা প্ৰত্যাখ্যান কৰাৰ পাছতো তাৎপৰ্যপূৰ্ণ ভাৱে এ আই ইউ ডি এফ দলে মিত্রতাৰে পক্ষতে আছে ৷

লগতে পঢ়ক : Bharat Jodo Abhiyaan : RSS ৰাষ্ট্ৰদ্ৰোহ আইনৰ আওঁতালৈ আহিব লাগে; যোগেন্দ্ৰ যাদৱ

Last Updated :Sep 25, 2023, 9:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.