Bihu dance and Dhol badan workshop: মৰাণত কান্ধত ঢোল লৈ মন্ত্ৰী যোগেন মহনে নচুৱালে নাচনী

By

Published : Mar 29, 2023, 7:45 AM IST

thumbnail

মৰাণ, 29 মাৰ্চ : হেঁপাহৰ বিহুটিক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ব্যাপক প্ৰস্তুতি । ক'ৰবাত যদি বিহুৰ কৰ্মশালা, আন ক'ৰবাত আকৌ হৈছে বিহুৰ আখৰা । ইয়াৰ মাজতে মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিহুৰ কৰ্মশালাত ঢুলীয়াৰ ৰূপত দেখা গ'ল মন্ত্ৰী যোগেন মহনক (Minister Jogen Mohan)। কান্ধত ঢোল লৈ মন্ত্ৰী যোগেন মহনে নচুৱালে নাচনীক ।

মৰাণ সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হৈছে বিনামূলীয়া ১০ দিনীয়া বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা (Moran bihu dance and dhol badan workshop) । কণ কণ মইনাৰ পৰা যুৱক- যুৱতীলৈকে প্ৰায় তিনি শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত । প্ৰশিক্ষণ প্ৰদান কৰিছে কেইবাগৰাকী বিশিষ্ট ঢুলীয়া-নাচনীয়ে । প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বিহু কৰ্মশালাত উপস্থিত হৈ মন্ত্ৰী যোগেন মহনেও মাৰিলে ঢোলত চাপৰ ।

বিহু কৰ্মশালাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয়, এই ধৰণৰ বিহু কৰ্মশালা সমূহে নতুন প্ৰজন্মক অধিক আগ্ৰহী কৰি তুলিব বাপতি সাহোন বিহুটিৰ প্ৰতি । লগতে যি সকল অভিভাৱকে নিজৰ সন্তানক বিহু শিকাবলৈ উলিয়াই আনিছে সেইসকল অভিভাৱকক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে । উল্লেখযোগ্য যে, মৰাণ সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীয়ে মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বহু বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে বিহু কৰ্মশালা (Bihu dance and Dhol badan workshop) । প্ৰতিবছৰৰ দৰে এইবাৰো কেইবা শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত ।

লগতে পঢ়ক : Assam Bihu Guinness book of world record: মাজুলীত গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে নাচনীৰ প্ৰশিক্ষণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.