Ashok Singhal in Nazira: মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমে অহা পাঁচ বছৰত নিজৰ ভৰিৰ ওপৰত ঠিয় দিব: সিংহল

By

Published : Jan 31, 2023, 8:30 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নাজিৰা, 31 জানুৱাৰী: সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাজিৰাত উদযাপন কৰা মে-ডাম-মে-ফি অনুষ্ঠানত মঙলবাৰে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল । এই মে-ডাম-মে-ফি অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অশোক সিংহলে চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে টাই আহোমৰ ৰীতি-নীতেৰে অনুষ্ঠিত ডামফি পূজাত ভাগ লয় । সমাজক একত্ৰিত কৰি ৰখা তথা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আৰম্ভণি আহোমৰ দিনতেই হৈছিল বুলি নিজৰ মন্তব্যত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে (Me Dam Me Fi celebrate at Nazira) ৷ 

উল্লেখ্য যে, আহোম সকলৰ উপৰি পুৰুষ পুলিন-পুঠাওসকলক স্মৰণ কৰাৰ বাবে প্ৰতি বছৰে আজিৰ দিনটোত ৰাজ্যৰ আহোম লোকসকলে পালন কৰে মে-ডাম-মে-ফি ৷ আহোমৰ ধৰ্মীয় ৰীতি-নীতিৰে উপৰিপুৰুষলৈ আগঢ়োৱা হয় ডামফি পূজা ৷ আজি ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠিত মে-ডাম-মে-ফি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে (Me Dam Me Fi celebration in Assam) ৷ 

ডিব্ৰুগড় জিলাৰ ঐতিহাসিক টিপামত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত মে-ডাম-মে-ফি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বড়া ৷ তিনিচুকীয়াত টাই আহোম ছাত্ৰ সন্থাই আয়োজন কৰা মে-ডাম-মে-ফি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা ৷ একেদৰে, আহোমৰ দ্বিতীয় ৰাজধানী ধেমাজি জিলাৰ হাবুঙত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Me Dam Me Fi in of Ahom) ৷ 

ইফালে, নাজিৰাত মে-ডাম-মেডফিত অংশগ্ৰহণৰ পিচতে মন্ত্ৰী অশোক সিংহলে আন এক অনুষ্ঠানত অংশ লয় ৷ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰি পৌৰসভাৰ "বাণিজ্যিক কেন্দ্ৰ"ৰ নৱ নিৰ্মিত ভৱনটো আজি শুভ উদ্বোধন কৰা হয় (Commercial Center in Nazira) ৷ এই উপলক্ষে শিমলুগুৰি নগৰৰ মাজমজিয়াত অৱস্থিত বাণিজ্যিক কেন্দ্ৰটিৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি বাণিজ্যক কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৷ 

ভাৰত চৰকাৰৰ 10 শতাংশ পুল ফাণ্ড 2009-10 বৰ্ষৰ পুঁজিৰ অধীনত 571.30 লাখ টকাৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা চাৰিমহলীয়া বাণিজ্যিক কেন্দ্ৰটিৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । কেন্দ্ৰটি উদ্বোধন কৰি মন্ত্ৰী সিংঘালে কয় যে, মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমে অহা পাঁচ বছৰত নিজৰ ভৰিৰ ওপৰত ঠিয় দিবলৈ সক্ষম হ’ব ৷

লগতে পঢ়ক: Me Dam Me Fi at Tipam: ঐতিহাসিক টিপামত মে ডাম মে ফীত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.