ETV Bharat / state

Me Dam Me Fi at Tipam: ঐতিহাসিক টিপামত মে ডাম মে ফীত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jan 31, 2023, 6:21 PM IST

ঐতিহাসিক টিপাম ক্ষেত্ৰৰ চাও চেং ৰেনত ধৰ্মীয় পৰম্পৰাৰে মে-ডাম-মে-ফীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ এক বহুমুখী প্ৰকল্পৰ জড়িয়তে টিপামক পৰ্যটন থলী হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ আজি ৰাজ্যৰ বিভিন্ন স্থানত আহোমসকলে পালন কৰিছে ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফী (Himanta Biswa Sarma took part in Me Dam Me fi) ৷

Me Dam Me Fi at Tipam
পবিত্ৰ মে-ডাম-মে-ফী

মে ডাম মে ফীত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে

ডিব্ৰুগড়, 31 জানুৱাৰী: আজি আহোমসকলৰ পবিত্ৰ মে-ডাম-মে-ফী ৷ পুলিন-পুঠাওসকলক স্মৰণৰ বাবে প্ৰতি বছৰেই আজিৰ দিনটোত সমগ্ৰ অসমতে আহোমসকলে মে-ডাম-মে-ফী পালন কৰে ৷ ধৰ্মীয় নিয়মেৰে উপৰিপুৰুষক স্মৰণ কৰা হয় এই অনুষ্ঠানৰ মাধ্যমেৰে ৷ উপৰিপুৰুষৰ পৰা আশীৰ্বাদ লোৱাৰ লগতে এই ধৰ্মীয় অনুষ্ঠানৰ যোগেদি জাতি আৰু দেশৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা হয় (Me Dam Me Fi celebration in Assam)৷

পাটকাই পাৰ হৈ স্বৰ্গদেউ চাওলুং চ্যুকাফাই প্ৰথম খোজ দিয়া ডিব্ৰুগড়ৰ টিপামত আজি অসম চৰকাৰৰ পৃষ্ঠপোষকতাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে মে-ডাম-ফে-ফী ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তথা অসম ক্ৰিকেট এচ’ছিয়েচনৰ সভাপতি তৰংগ গগৈ ৷ ৰাইজৰ সমন্বিতে তেওঁলোকে উপৰিপুৰুষক শ্ৰদ্ধা নিবেদন কৰে (Himanta Biswa Sarma took part in Me Dam Me fi) ৷

উল্লেখ্য যে, অসমীয়া জাতিক এক কৰি বৰ অসমৰ ভেঁটি গঢ়া স্বৰ্গদেউ চাওলুং চ্যুকাফাই প্ৰথম পদাৰ্পণ কৰিছিল ঐতিহাসিক টিপামত । এই টিপাম পাহাৰৰ নৈ-সৰ্গিক সৌন্দৰ্য, চিৰসেউজীয়া নান্দনিক প্ৰাকৃতিক পৰিৱেশ, দেওশালী পাহাৰৰ সু-উচ্চ চকমত টিলা, পাহাৰৰ পৰা হাতবাউলদি মাতি থকা সেউজীয়া ধাননি পথাৰ আজিও সকলো পৰ্যটকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ৰাজ্যৰ ভিন্ন স্থানৰ পৰ্যটকে টিপামৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ভিন্ন সময়ত ইয়ালৈ অহা পৰিলক্ষিত হয় (Historic Tipam in Dibrugarh) ৷

1228 খ্ৰীষ্টাব্দত টিপামৰ দেওশালী পাহাৰত উপস্থিত হৈ আহল-বহল সমতল ভূমিত সোণালী ধানেৰে উপচি থকা মনোমোহা পৰিৱেশ দেখি চাওলুং চ্যুকাফাই ইয়াৰ পৰাই আহোম জাতিৰ বিস্তাৰৰ সপোন দেখি স্বতঃফূৰ্তভাৱে চিঞৰি কৈছিল ‘‘ম্যুং-ড্যুং-ছুম-খ্যাম’’ । ইয়াৰ অৰ্থ হ’ল সোণোৱালী শইচৰ দেশ ৷ ইয়াৰ পৰাই আৰম্ভ হৈছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠা আৰু বিস্তাৰ ৷ সেয়ে টিপামক আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী বুলিও কোৱা হয় ৷

লগতে পঢ়ক: Me Dam Me Phi observed in Tinsukia: তিনিচুকীয়াত কেন্দ্ৰীয় মে ডাম মে ফিত মন্ত্ৰী পীযুষ হাজৰীকা

এইবাৰ টিপামত ৰজাঘৰৰ সু-দৃষ্টি পৰিল । মঙলবাৰে ঐতিহাসিক টিপাম পাহাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্রুগড় জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন কৰা হয় । ঐতিসাহিক টিপাম পাহাৰত প্ৰায় 1200 ৰো অধিক খটখটি অতিক্ৰম কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ পূজা অৰ্চনা কৰাৰ লগতে সোঁৱৰণ কৰে উপৰিপুৰুষক (Me Dam Me Fi of the Ahoms)।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানত । ঐতিসাহিক টিপামত এক বহুমুখী প্ৰকল্পৰ জৰিয়তে সৌন্দৰ্যবৰ্ধন কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, আজি ৰাজ্যৰ আন বহু স্থানত আহোমসকলে এই মে-ডাম-মে-ফী অনুষ্ঠান পালন কৰিছে ৷ ধেমাজিৰ ঐতিহাসিক হাবুং, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, লখিমপুৰ আদিতো দেখা গৈছে মে-ডাম-মে-ফী অনুষ্ঠান পালনৰ ধামখুমীয়া ৷ বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে এই অনুষ্ঠানত অংশ লৈ মে-ডাম-মে-ফী অনুষ্ঠানৰ তাৎপৰ্য ব্যাখা কৰে ৷ এই অনুষ্ঠান যে কেৱল ৰহী, সাজ, গাহৰি আদি খোৱাৰ অনুষ্ঠান নহয়, ইয়াৰ যে গভীৰ গুৰুত্ব আৰু তাৎপৰ্য আছে সেই কথা প্ৰকাশ কৰে বিভিন্নজনে ৷

লগতে পঢ়ক: Me Dam Me Phi 2023: যোৰহাটত কেন্দ্ৰীয়ভাৱে পালিত হ’ল মে ডাম মে ফি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.