ETV Bharat / state

Me Dam Me Phi 2023: যোৰহাটত কেন্দ্ৰীয়ভাৱে পালিত হ’ল মে ডাম মে ফি

author img

By

Published : Jan 31, 2023, 2:15 PM IST

কেন্দ্ৰীয়ভাৱে যোৰহাট জিলাত আয়োজিত হৈছে পৱিত্ৰ মে ডাম মে ফি দিৱসৰ (Me Dem Me Fi centrally observed in Jorhat ) ৷

Me Dem Me Fi centrally observed in Jorhat
যোৰহাটত কেন্দ্ৰীয়ভাৱে পালিত হ’ল মে ডাম মে ফি

যোৰহাটত কেন্দ্ৰীয়ভাৱে পালিত হ’ল মে ডাম মে ফি

যোৰহাট, 31 জানুৱাৰী : আহোম সকলৰ পুলিন পুথাও সকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে আজি ৰাজ্যজুৰি পালন কৰা হৈছে মে ডাম মে ফি ৰ (Me Dem Me Fi celebration in Assam ) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে যোৰহাটটো পালিত হৈছে পৱিত্ৰ ধৰ্মীয় উৎসৱ মে ডাম মে ফিৰ ৷ জিলাখনৰ জয়া ভৱনত কেন্দ্ৰীয় ভাৱে আয়োজিত হৈছে টাই আহোম সকলৰ পৱিত্ৰ ধৰ্মীয় উৎসৱ মে ডাম -মে -ফি দিৱসৰ (Me Dam Me Phi 2023)৷

Me Dem Me Fi centrally observed in Jorhat
যোৰহাটত কেন্দ্ৰীয়ভাৱে পালিত হ’ল মে ডাম মে ফি

ৰাতিপুৱাৰে পৰাই ধৰ্মীয় ৰীতি নীতিৰে উপৰি পুৰষ সকলক আজিৰ দিনটোত স্মৰণ কৰে আহোমসকলে ৷ প্ৰতিবছৰে ৩১ জানুৱাৰীৰ এই দিনটোতে পালন কৰা হয় মে-ডাম-মে-ফিৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাস কৰা টাই-আহোম জনগোষ্ঠীৰ লোকসকলে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুসৰি পালন কৰে মে-ডাম মে-ফি ৷

ধৰ্মীয় সামাজিক উৎসৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষক স্মৰণ কৰাৰ লগতে দেশ, ৰাজ্য আৰু সমাজৰ মংগল কামনা কৰে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি আৰু যোৰহাট জিলা তাই আহোম ছাত্র সন্থা উদ্যোগত যোৰহাট জয়া ভৱনত কেন্দ্ৰীয় ভাৱে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফি পালন কৰা হৈছে । এই উপলক্ষে যোৰহাট জয়া ভৱনৰ পৰা উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ ইয়াৰ পিচতে যোৰহাট ৰজামৈদামত থকা মৈদামত পুজা অৰ্চনা আগবঢ়ায় আহোম লোকসকলে (Me Dem Me Fi centrally observed in Jorhat ) ।

Me Dem Me Fi centrally observed in Jorhat
যোৰহাটত কেন্দ্ৰীয়ভাৱে পালিত হ’ল মে ডাম মে ফি

পৰম্পৰাগত বানফি প্ৰথাৰে টাই আহোমসকলে উপৰি পুৰুষৰ লগতে এই জগতৰ দহটা শক্তিক উপাস্য ৰূপে গণ্য কৰি প্ৰসাদ, নৈবেদ্য আগবঢ়ায় ৷ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে বিভিন্ন প্ৰান্তৰ পৰাৰ অহা অতিথি সকলে আশীৰ্বাদ গ্ৰহণ কৰে । উল্লেখ্য যে, টাই আহোমসকলৰ পৱিত্ৰ মে-ডাম-মেফি অনুষ্ঠান চ্যুকাফাই অসমত প্ৰৱেশ কৰা পিছৰে পৰাই প্ৰজা আৰু ৰাজ্যৰ সুখ-সমৃদ্ধিৰ কাৰণে আয়োজন কৰি আহিছে জানিবলৈ পোৱা যায় । সেই পৰম্পৰা আৰু ঐতিহ্য পুৰ্বপুৰুষক সুঁৱৰি আজিও টাই আহোমসকলে বিভিন্ন স্থানত মে-ডাম-মেফি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।

আজি যোৰহাটত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা মে ডাম মে-ফি অনুষ্ঠানত জেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা, অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাঁই, জেষ্ঠ বিজ্ঞানী ড০ বিমলা প্ৰসাদ বৰুৱা, যোৰহাট লোকসভা সমষ্টি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে বহু গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে (MP Kamkhya Prasad Tasa) ।

লগতে পঢ়ক : Budget session 2023: আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.