ETV Bharat / state

Me Dam Me Phi observed in Tinsukia: তিনিচুকীয়াত কেন্দ্ৰীয় মে ডাম মে ফিত মন্ত্ৰী পীযুষ হাজৰীকা

author img

By

Published : Jan 31, 2023, 4:15 PM IST

আহোম সকলৰ পুলিন পুথাও সকলৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা হয় আহোমসকলৰ পৰম্পৰাগত উৎসৱ মে ডাম মে ফি ৷ এইবৰ্ষও তিনিচুকীয়াত ২৯ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৪০তম কেন্দ্ৰীয় মে ডাম মে ফি (40th Me Dem Me Fi) ৷

Minisrer  Piyush Hazarika attended Central Me DAM Me Phi in Tinsukia
কেন্দ্ৰীয় মে ডাম মে ফিত মন্ত্ৰী পীযুষ হাজৰীকা

তিনিচুকীয়াত কেন্দ্ৰীয় মে ডাম মে ফিত মন্ত্ৰী পীযুষ হাজৰীকা

তিনিচুকীয়া, ৩১ জানুৱাৰী: আজি মে ডাম মে ফি(Me Dem Me Fi celebration in Assam ) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও তিনিচুকীয়াত ২৯ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৪০ সংখ্যক কেন্দ্ৰীয় মে ডাম মে ফি ৷ সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, টাই সংস্কৃতি চৰ্চা কেন্দ্ৰ, আহোম সেনা, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ লগতে তাই আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ যৌথ প্ৰচেষ্টাত শ্ৰীপুৰীয়াস্থিত (ছ্যুকাংফা নগৰ) টাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগনত ৪০ তম কেন্দ্ৰীয় মে ডাম মে ফি উদযাপন কৰা হয় (Me Dem Me Fi centrally observed in Tinsukia ) ৷ মে ডাম মে ফিৰ লগত সংগতি ৰাখি প্ৰয়াত অজিত গগৈৰ সোঁৱৰণত এক স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

তিনিচুকীয়া টাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক প্ৰয়াত গগৈ ৷ প্ৰয়াত অজিত গগৈয়ে বিভিন্ন সময়ত টাই আহোম ছাত্র সন্থাক প্ৰতিটো মূহুৰ্তত দিহা-পৰামৰ্শ দিয়াৰ লগতে পয় ফুৰালুং সংঘৰ জ্যেষ্ঠ বিষয়ববীয়া, টাই সংস্কৃতিৰ সাধক, অসমৰ বিভিন্ন ঠাইত চকলং বিবাহ সমাপন কৰাৰ লগতে টাই আহোম ছাত্র সন্থাই নতুন দিল্লীত অনুষ্ঠিত কৰা "মহাবীৰ লাচিত দিৱস"ত টাই আহোমৰ মাংগলিক ফুৰালুং পূজা সমাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ উক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীৰ পিচতে এখন স্মৰণিকা উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড° দীনেশ বৈশ্যই ৷

মঙলবাৰে পুৱা মে ডাম মে ফিৰ শেষৰ দিনা কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে ৪০ সংখ্যক কেন্দ্ৰীয় মে ডাম মে ফি উদযাপন সমিতিৰ সভাপতি পুলক কুমাৰ গগৈয়ে ৷ ক্ৰমান্বয়ে মৈদাম তৰ্পন, পুৰালুং পূজা, চাওলুং ছ্যুকাংফাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কায্যসূচী সমাপন কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত ৰাইজৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ এই কাৰ্যসূচীৰ পিচত এসাজ প্ৰীতি ভোজ গ্ৰহণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁয়ে মঞ্চ উদ্বোধন কৰে ৷

এই মুকলি সভাত বিশেষভাৱে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা (Minister Piyush Hazarika) আৰু মন্ত্ৰী বিমল বড়াৰ লগতে (Minister Bimal Bora) কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷ আনহাতে, উক্ত অনুষ্ঠানত অজিত গগৈ সোঁৱৰণি বঁটা প্ৰথমবাৰৰ কাৰণে প্ৰদান কৰা হয় টাই গৱেষক পুষ্প গগৈক ৷

এই মে ডাম মে ফি অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাই পূৰ্বপুৰুষক স্মৰণ কৰি কয় যে মে ডাম মে ফি এতিয়া কেৱল আহোম জনগোষ্ঠীৰ মাজতে সীমাৱদ্ধ হৈ থকা নাই ৷ সমগ্ৰ অসমবাসীয়ে মে ডাম মে ফি পালন কৰি আহিছে ৷ আমি সকলোৱে বৰ অসম গঢ়োতাসকলক আজি সুঁৱৰিছো ৷

প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা হয় আহোমসকলৰ পৰম্পৰাগত উৎসৱ মে ডাম মে ফি ৷ এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ'-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘'ফী’'ক উপাসনা কৰে। এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়।

এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ খায় । এই পৰম্পৰা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল টিপামৰ বুঢ়াডাঙৰীয়াৰ থানত।

লগতে পঢ়ক: Me Dam Me Phi 2023: যোৰহাটত কেন্দ্ৰীয়ভাৱে পালিত হ’ল মে ডাম মে ফি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.