Protest in Morigaon : মধ্যাহ্ন ভোজন ৰন্ধনকৰ্মীৰ প্ৰতিবাদত উত্তাল মৰিগাঁও

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:05 PM IST

thumbnail

মৰিগাঁও, ১ নৱেম্বৰ : বুধবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁৱৰ বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজন আঁচনিৰ ৰান্ধনি সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মাননিৰ সলনি ন্য়ূনতম ১০ হাজাৰ মজুৰিৰ আদায় দিয়াৰ লগতে ৰান্ধনি হেৰুৱা ৰান্ধনিক এক কালীন ৩ লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ দবীত এইদৰে প্ৰতিবাদ জনায় ।

বুধবাৰে মৰিগাঁও স্কুল খেলপথাৰৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোৱে চহৰৰ মাজমজিয়াত বিভিন্ন দাবী সম্বলিত শ্লোগান দি জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত কাঁহি-বাতি বজাই পৰিবেশ উত্তাল কৰে । তেওঁলোকে 'অসম চৰকাৰ হায় হায়','মুখ্যমন্ত্রী গ' বেক',' শিক্ষা মন্ত্রী হুচিয়াৰ',আদি শ্লোগান দিয়ে । ইয়াৰ পিচতে মৰিগাঁও জিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে কেইবাদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ । প্ৰতিবাদকাৰীসকলে চৰকাৰক সমালোচনা কৰি শীঘ্ৰে ৰান্ধনিসকলক ১২মাহে মজুৰি তথা প্ৰাপ্য মোকলাই দিয়াৰ বাবে দাবী জনায় ।

লগতে পঢ়ক:Mid day meal workers protest: মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত অচল সৰ্বশিক্ষা কাৰ্যালয়ৰ কাম-কাজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.