Mid day meal workers protest: মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত অচল সৰ্বশিক্ষা কাৰ্যালয়ৰ কাম-কাজ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:50 PM IST

thumbnail

বৰপেটা, 1 নৱেম্বৰ: প্ৰাপ্যৰ দাবীত বৰপেটাত সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ কাম-কাজ অচল কৰি দিলে মধ্যাহ্ন ভোজন কৰ্মীসকলে ৷ বৰপেটা সৰ্বশিক্ষা কাৰ্যালয়লৈ যোৱা পথ অৱৰোধ কৰি বিষয়া-কৰ্মচাৰীসকলক কাৰ্যালয়ত উপস্থিত হোৱাত বাধা প্ৰদান কৰে প্ৰাপ্য বঞ্চিত মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে ৷  বুধবাৰৰ পৰা শনিবাৰলৈ সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ মুখত প্ৰাপ্য দাবী কৰি মধ্যাহ্ন ভোজন কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে  ৷

CITU ৰ উদ্যোগত বুধবাৰৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মধ্যাহ্ন ভোজন কৰ্মীসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৷ মূলতঃ মজুৰি বৃদ্ধিৰ দাবী, অৱসৰকালীন 3 লাখ টকাৰ এককালীন ভাট্টা প্ৰদান কৰা আৰু মধ্যাহ্ন ভোজন আঁচনিখন অক্ষয় পাত্ৰ ভাণ্ডাৰক অৰ্পণ কৰিবলৈ লোৱা চৰকাৰী সিদ্ধান্ত বাতিলৰ দাবীত আজি কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

প্ৰাপ্যৰ দাবীত চলা এই প্ৰতিবাদী আন্দোলনৰ পিচতে প্ৰতিবাদস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ৷

লগতে পঢ়ক: Mid day meal workers protest: মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ, দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.