ETV Bharat / state

Mid day meal workers protest: মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ, দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:14 PM IST

গোৱালপাৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ । 6 দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

Mid day meal workers protest in goalpara
মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

গোৱালপাৰা, 1 নৱেম্বৰ: বুধবাৰে গোৱালপাৰা চহৰৰ দুৰ্গামন্দিৰস্থিত বালিজানা শিক্ষাখণ্ডৰ সন্মুখত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে প্ৰাপ্যৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ শ্ৰমিক সংগঠন CITU ৰ উদ্যোগত ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিয়ে পুৱা 10 বজাৰ পৰা 12 বজালৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় পাঁচ শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য আদায়ৰ দাবীত হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে ।

'শিক্ষা বিভাগ হায় হায়,' 'শিক্ষামন্ত্ৰী হুঁচিয়াৰ,' 'বিজেপি চৰকাৰ হুঁচিয়াৰ,' 'আমাৰ দাবী ন্যায্য দাবী,' 'আমাৰ দাবী মানি লওক' আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ গোৱালপাৰা জিলা সমিতিৰ সম্পাদিকা মাধৱী ৰায়ে কাৰ্যসূচী সন্দৰ্ভত কয়, "আমাৰ এই আন্দোলন আজিৰে পৰা 4 দিন পৰ্যন্ত অব্যাহত থাকিব । তৎসত্ত্বেও যদি বৰ্তমানৰ চৰকাৰে আমাৰ দাবী মানি নলয় তেন্তে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলনৰ গঢ়ি তোলা হ’ব ৷"

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ গোৱালপাৰা জিলা সমিতিয়ে 6 দফীয়া দাবী ক্ৰমে মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণৰ প্ৰচেষ্টা বন্ধ কৰক, বছৰৰ 12 মাহৰ বাবেই মাননি প্ৰদান ,কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰক, কাম হেৰুৱা ৰন্ধন কৰ্মীক এককালীন 3 লাখ টকাৰ সাহায্য প্ৰদান কৰক, নূন্যতম মজুৰি আইনৰ ভিত্তিত 10 হাজাৰ টকা মহিলী মাননি নিৰ্ধাৰণ কৰক আৰু সমস্ত বকেয়া মাননি শীঘ্ৰে আদায় দিয়ক ৷

6 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰখন বালিজানা শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: Cattle smuggling: আৰক্ষীয়ে ধৰিয়েই আছে, সৰবৰাহকাৰীয়ে চলায়েই আছে; গৰুৰ চোৰাং বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.