Cattle smuggling: আৰক্ষীয়ে ধৰিয়েই আছে, সৰবৰাহকাৰীয়ে চলায়েই আছে; গৰুৰ চোৰাং বেহা

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:23 PM IST

thumbnail

ডিব্ৰুগড়, 1 নৱেম্বৰ : ৰাজ্য চৰকাৰে গৰু সৰবৰাহ বন্ধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে ৰাজ্যত চলি থকা গৰুৰ মুকলি বজাৰসমূহ বন্ধ কৰি দিছে চৰকাৰে । ইয়াৰ মাজতো কিন্তু উজনিত গৰু সৰবৰাহ অব্যাহত আছে । কেতিয়াবা যদি চোৰাংভাৱে গৰু সৰবৰাহ হৈছে কেতিয়াবা আকৌ নীতি বৰ্হিভূতভাৱে গাড়ীৰে গৰু সৰবৰাহ হৈছে । মঙলবাৰে নিশা মৰাণত অবৈধভাৱে গৰু সৰবৰাহ কৰা তিনিখনকৈ বাহন আৰক্ষীয়ে জব্দ কৰিছে ৷

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত দিৰৈ ৰাঙলীৰ আদৰ্শ গাঁৱত স্থানীয় ৰাইজৰ সহযোগত মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত 3 খন গৰুভৰ্তি বাহন জব্দ কৰা হয় ৷ বাহনকেইখন হ’ল ক্ৰমে টাটা এচি ( AS 06 BC 8714) য’ত আছিল ৮ টা গৰু, টাটা যোদ্ধা (AS 04 BC 8061)য’ত আছিল ৯ টা গৰু, মহিন্দ্ৰা মেক্স পিকআপ (AS 03 CC 3040) য’ত আছিল ৮ টা গৰু ।

মুঠ ২৫ টা‌ অবৈধভাৱে কঢ়িয়াই অনা গৰু জব্দ কৰে মৰাণহাট থানাৰ আৰক্ষীয়ে । আৰক্ষীয়ে ৪ জন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে । বহুদিনৰ পৰা দিৰৈ ৰাঙলী অঞ্চলত গৰু সৰবৰাহকাৰীৰ উপদ্ৰৱ চলি আছে । অবৈধভাৱে গৰুগাড়ী পাৰ কৰি দিয়াৰ নামত একাংশই সৰবৰাহকাৰীৰ গাড়ীৰ পৰা ধন সংগ্ৰহ কৰি আহিছে বুলি স্থানীয় লোকে অভিযোগ তুলিছে ।

লগতে পঢ়ক : Cattle smuggling:ৰহাৰ ডিমৌত জব্দ অবৈধভাৱে গৰু সৰবৰাহ কৰা বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.