massive fire broke out:কলগাছিয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 9:39 PM IST

thumbnail

কলগাছিয়া, 26 ছেপ্টেম্বৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া বজাৰত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত কেইবাখনো দোকান কেইবাটাও ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত  হয় যদিও কথমপি ৰক্ষা পৰে কলগাছিয়া বজাৰৰ কিছু দোকান-পোহাৰ । কলগাছিয়া বজাৰৰ গাতে থকা শিক্ষক কোব্বাদ আলীৰ বাসভৱনৰ লগতে ভাড়া দিয়া ৬/৭ খনকৈ ব্যাক্তিগত দোকান, আচবাব-পত্ৰ, দোকানৰ সামগ্ৰী, নথি-পত্ৰ আদি সম্পূৰ্ণৰূপে ভস্মীভূত হয় । জানিব পৰা মতে, বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় যদিও কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজৰ সহযোগত সোনকালে জুই নুমাবলৈ সক্ষম হয় ।

অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ীসকলৰ মূৰৰ ওপৰত সৰগ ভাগি পৰে ৷ কান্দোনত ভাঙি পৰিছে তেওঁলোক । এখন দোকানৰ পৰা জুইৰ সূত্ৰপাত হৈ শিক্ষক এম কোব্বাদ আলীৰ দুটাকৈ বাসগৃহৰ লগতে গৃহ চৌহদৰ ৬/৭ খন ব্যক্তিগত দোকান সম্পূৰ্ণকৈ জাহ যায় । হানিফ আলীৰ জুৱেলাৰী দোকান, জাকিৰ হুছেনৰ চেলুন, মহিদুল ইছলামৰ মোবাইল মেৰামতি কৰা দোকান, হাশেম আলীৰ কাপোৰৰ দোকানৰ উপৰিও আৰু দুখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ ভুক্তভোগীসকলক ক্ষতিপূৰণৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : Fire Break out in Nagaon: নগাঁৱৰ ভোটাইআটিত বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.