ETV Bharat / state

কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰি জে’ললৈ গ’ল তিনি উদণ্ড যুৱক - ATTACK ON POLICE OFFICERS

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 7:41 PM IST

ASSAULT ON DUTY POLICE OFFICERS: সোধ-পোচৰ বাবে অনা অভিযুক্তক বহাই থোৱাৰ বাবেই আৰক্ষী চকীৰ ভিতৰতে আৰক্ষীক আক্ৰমণ ৷ ঘটনা সন্দৰ্ভত তিনি অভিযুক্তক জে’ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

Basimari police station Dalgaon
কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ ঘটনা (ETV BHARAT ASSAM)

গুৱাহাটী, 17 মে’: ৰাজ্যত পুনৰ সংঘটিত হৈছে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ ঘটনা ৷ পুনৰ এবাৰ কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ উদণ্ড যুৱকৰ ৷ খোদ আৰক্ষী চকীৰ ভিতৰতে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰি জে’ললৈ যাব লগা হ’ল তিনি উদণ্ড যুৱক ৷ এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

দৰঙৰ দলগাঁৱৰ বেছিমাৰী আৰক্ষী পহৰা চকীত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা ঘটিছে ৷ এই ঘটনাই দলগাঁও-ওদালগুৰিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণ অনুসৰি, বেছিমাৰী আৰক্ষী পহৰা চকীলৈ এক গোচৰ সন্দৰ্ভত সোধ-পোচৰ বাবে আৰক্ষীয়ে আনিছিল আৰ্শ্বাদ আলী নামৰ এজন যুৱকক ৷

সোধ-পোচৰ বাবে আটকাধীন যুৱকজনক পহৰা চকীত কিছু সময় বহাই থয় আৰক্ষীয়ে ৷ তাতেই খৰ্গহস্ত হৈ পৰে আৰ্শ্বাদ আলী নামৰ অভিযুক্ত যুৱকজনৰ লগত যোৱা আন দুজন যুৱক ৷

অভিযুক্তক বহাই থোৱাক লৈ বাহাৰুল ইছলাম আৰু ইছমাইল হুছেইন নামৰ উদণ্ড যুৱক দুজনে কৰ্তব্যৰত আৰক্ষীৰ সৈতে প্ৰথমতে তৰ্কত লিপ্ত হয় ৷ লগতে পৰৱৰ্তী সময়ত আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনা ঘটে ৷ ঘটনা সন্দৰ্ভত দলগাঁও থানাৰ গোচৰ নম্বৰ 105/24 ৰ IPC 294/353/323/307/506/34 ৰ অধীনত গোচৰ ৰুজু কৰি আৰ্শ্বাদ আলী, বাহাৰুল ইছলাম আৰু ইছমাইল হুছেইন তিনিওটা অভিযুক্তক জে’ললৈ প্ৰেৰণ কৰে ৷

উল্লেখযোগ্য যে তিনিওটা উদণ্ড যুৱকৰ ঘৰ দলগাঁৱৰ নদীৰকাষ গাঁৱত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষী চকীৰ ভিতৰতে উদণ্ড যুৱকে কৰা আক্ৰমণ আৰু জে’ল হাজোতলৈ প্ৰেৰণ কৰিব লগা হোৱা এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : নুনমাটি আৰক্ষীৰ জালত দালালৰূপী অধ্যাপক; 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - Land Broker Apprehended

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.