ETV Bharat / entertainment

দৰ্শকৰ দৃষ্টিত চন্দুৱে সঁচাকৈয়ে ধৰা দিলে চেম্পিয়ন হিচাপে - Chandu Champion Review

Chandu Champion X Review : চন্দু নহয়, বক্স অফিচত চেম্পিয়ন হৈ পৰিছে কাৰ্তিক আৰিয়ান ৷ কাৰণ তেওঁৰ ছবি চন্দু চেম্পিয়ন সফল হৈছে । জানি লওক সুনীল শ্বেট্টী আৰু দৰ্শকে ছবিখনক লৈ কেনে প্ৰতিক্ৰিয়া দিছে-

Chandu Champion X Review Fans And Suniel Shetty call Kartik Aaryan Movie Shaandaar Zaandaar Zabardast
চন্দু চেম্পিয়নৰ যোগাত্মক ৰিভিউ (ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : June 14, 2024 at 2:24 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১৪ জুন : বলীউডৰ তাৰকা কাৰ্তিক আৰিয়ান অভিনীত ছবি ‘চন্দু চেম্পিয়ন’ এ আজি ১৪ জুনত বিশ্বজুৰি মুক্তি লাভ কৰিছে । কাৰ্তিক আৰিয়ানৰ অনুৰাগীসকলে বহুদিন ধৰি ছবিখনৰ বাবে অপেক্ষা কৰি আছিল । অনুৰাগীসকলৰ বাবে কাৰ্তিকে ছবিখন মুকলিৰ দিনা ১৫০ টকাতে দেখুৱাবলৈ মন কৰে । চিনেমা হলত গৌৰৱেৰে চলি থকা ছবিখন দৰ্শকে উপভোগ কৰি আছে ৷

যোৱা নিশা মুম্বাইত অনুষ্ঠিত হয় ‘চন্দু চেম্পিয়ন’ ৰ প্ৰদৰ্শনী অনুষ্ঠান, য’ত বলীউডৰ বহু তাৰকাই অংশগ্ৰহণ কৰে । সুনীল শ্বেট্টী, অনন্যা পাণ্ডে, ৰোহিত ৰায়কে ধৰি বহু তাৰকাক ছবি প্ৰদৰ্শনত দেখা গ’ল । এতিয়া দৰ্শকে এক্সত ছবিখনক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সুনীল শ্বেট্টীৰ প্ৰতিক্ৰিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

কি ক’লে সুনীল শ্বেট্টীয়ে ?

সুনীল শ্বেট্টীয়ে তেওঁৰ এক্স হেণ্ডেলত চন্দু চেম্পিয়ন চলচ্চিত্ৰখনৰ বাবে লিখিছে, ‘চন্দু চেম্পিয়ন সকলো পিনৰে পৰা উজলি উঠিছে, কবীৰ খানে আকৌ এবাৰ তেওঁৰ উজ্জ্বল কাম দেখুৱাইছে আৰু কাৰ্তিকৰ অনুপ্ৰেৰণাদায়ক প্ৰদৰ্শন যথেষ্ট শলাগ ল’বলগীয়া, মুকেশ ছাবৰাৰ কাষ্টিং দক্ষতা যথেষ্ট, সাজিদ নাদিয়াদৱালাও এনে এক প্ৰেৰণাদায়ক ছবিৰ বাবে প্ৰশংসাৰ যোগ্য ।’

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘কাৰ্তিক আৰিয়ানে আমাক প্ৰেৰণা দিব আৰু এতিয়া আমি আনক প্ৰেৰণা দিম, এবাৰ ছবিখন চাওক ।’’ উল্লখ্য যে, যোৱা নিশা অনুষ্ঠিত হোৱা প্ৰদৰ্শনীতো ছবিখনে ষ্টেণ্ডিং অভেশ্যন লাভ কৰে ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ছবিখনত ভাগ মিলখা ভাগৰ সামান্য আভাস পোৱা গৈছে যদিও মধ্যান্তৰৰ পিচত ছবিখন যথেষ্ট মনোগ্ৰাহী । আন এজন অনুৰাগীয়ে লিখিছে, ‘‘কবীৰ খানৰ মাষ্টাৰ ক্লাছ ছবি, বক্স অফিচত চন্দু চেম্পিয়নক বিজয়ী ঘোষণা কৰিছো, ছবিখনৰ প্ৰতিটো দৃশ্য আৰু কাৰ্তিকৰ অভিনয় আপ্লুত, এই ছবিখন আশাত কৰাতকৈ অধিক, অনুপ্ৰেৰণাদায়ক কাহিনী, দৃঢ় বাৰ্তাটো চাওক ।’’

লগতে পঢ়ক : অন্য ছবিৰ সৈতে সংঘৰ্ষ এৰাই মুক্তিৰ তাৰিখ আগুৱালে ‘দেৱৰা’ৰ নিৰ্মাতাই - Jr Ntr Janhvi Kapoor Film