Fire Break out in Nagaon: নগাঁৱৰ ভোটাইআটিত বিধ্বংসী অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 2:53 PM IST

thumbnail

নগাঁও, 21 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে পুৱতি নিশা নগাঁও ডিমৰুগুৰি ভোটাইআটিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । এটা কাপোৰৰ কাৰখানাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড ৷ জুইৰ সূত্ৰপাত হোৱাৰ পাচতে হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় 25 লাখ টকাৰ সামগ্ৰী ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে । পুৱতি নিশা প্ৰায় 3 মান বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । কি কাৰণে কাপোৰৰ কাৰখানাত অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

ইফালে স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ কিন্তু লক্ষাধিক টকা সামগ্ৰী জুইত জাহ গ’ল ৷ এই অগ্নিকাণ্ডৰ ফলত হুৱা-দুৱা লাগে সমগ্ৰ অঞ্চলটোত । আতংকময় পৰিৱেশৰ সৃষ্টি হয় কাৰখানাটোৰ সমীপৰ আবাসীকসকলৰ মাজতো ৷ 

লগতে পঢ়ক:Ghost in Medical College: অসমৰ এখন চিকিৎসা মহাবিদ্যালয়ত ভূতৰ উপদ্ৰৱ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.