Fire breaks out: তিনিচুকীয়াত মাজনিশা বিধ্বংসী অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 11:15 AM IST

thumbnail

তিনিচুকীয়া, ১২ অক্টোবৰ : বৃহস্পতিবাৰৰ মাজনিশা তিনিচুকীয়াৰ হিজুগুৰি ঢেকীয়াজুৰি মছজিদ পট্টিত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডটো ইমানেই বিধ্বংসী আছিল যে ক্ষন্তেক সময়ৰ ভিতৰতে প্ৰায় ১০ টাৰো অধিক বাসগৃহ জুইয়ে আগুৰি ধৰে । স্থানীয় ৰাইজৰ পৰা জানিব পৰা অনুসৰি, অগ্নিকাণ্ডটোত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰো বিস্ফোৰণ হয়, সেই হেতুকে জুইয়ে অধিক বিধ্বংসী ৰূপ লয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ তিনিচুকীয়াৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অবিৰতভাৱে বহু সময়ধৰি চলোৱা আপ্ৰাণ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও জুইত জাহ যায় প্ৰায় দহটাৰো অধিক বাসগৃহ । ফলত অগ্নিকাণ্ডত লোকচান হয় বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী । এই পৰ্যন্ত অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত তিনিচুকীয়া আৰু হিজুগুৰিৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Fire breaks out: ৰূপহীহাটৰ পশ্চিম শালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.