Fire breaks out: ৰূপহীহাটৰ পশ্চিম শালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 7:19 AM IST

thumbnail

নগাঁও, 12 অক্টোবৰ : ৰূপহীহাটৰ পশ্চিম শালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । এই অগ্নিকাণ্ডত তিনিটাকৈ বাসগৃহৰ লগতে সম্পূৰ্ণৰূপে জুইত জাহ যায় চাৰিটাকৈ ছাগলী । অগ্নিকাণ্ডত শালিমা খাতুন নামৰ মানুহগৰাকীৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় বুলি জানিব পৰা গৈছে ।

বিধ্বংসী জুইৰ লেলিহান শিখাত তিনিটাকৈ বাসগৃহৰ লগতে জীৱন্তে অগ্নিদগ্ধ হয় চাৰিটাকৈ ছাগলী । প্ৰাপ্ত খবৰ অনুসৰি, ঘৰত থকা ল’ৰা-ছোৱালীয়ে খেলি থকাৰ সময়তে জুইৰ সূত্ৰপাত হয় । বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় চাৰি লাখ টকাৰ সা-সম্পত্তিৰ লগতে যাৱতীয় নথি-পত্ৰও ভস্মীভূত হৈছে ।

খবৰ দিয়াৰ পিচতো অগ্নি নিৰ্বাপক বাহিনী সময়মতে উক্ত স্থানত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে ৰাইজে ৷ ৰাইজৰ তৎপৰতাতে জুই নুমুৱাবলৈ সক্ষম হয় যদিও প্ৰায় চাৰি লাখ টকাৰ সম্পত্তিৰ ক্ষয় ক্ষতি হয় বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক : Fire in Biswanath chariali : বিশ্বনাথ চাৰিআলিৰ ছুইপাৰ ক'লনিত বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.