Fire in Biswanath chariali : বিশ্বনাথ চাৰিআলিৰ ছুইপাৰ ক'লনিত বিধ্বংসী অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 12:32 PM IST

thumbnail

বিশ্বনাথ, ১০ অক্টোবৰ: বিশ্বনাথ চাৰিআলিৰ ছুইপাৰ ক'লনিত মঙলবাৰে পুৱা ১০ বজাত সংঘটিত হয় এক অগ্নিকাণ্ড । বিশ্বনাথ চাৰিআলি বাম গাঁৱৰ ছুইপাৰ ক'লনিত সংঘটিত হৈছে এই অগ্নিকাণ্ড । এই অগ্নিকাণ্ডৰ ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় । আনহাতে, এই অগ্নিকাণ্ডৰ ফলত পাপু বাল্মিকি, কিশান বাচফৰ, সঞ্জু বাল্মিকিৰ ঘৰ সম্পূৰ্ণ ৰূপে জুইত যাহ যায় ।  

এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিচত ৰাইজে বিশ্বনাথৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । এই ঘটনাৰ বিষয়ে জানিব পাৰি জুই নিয়ন্ত্ৰণলৈ আনিবলৈ বিশ্বনাথৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । উক্ত অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ।

লগতে পঢ়ক:Manipur video shows man set on fire: পুনৰ উন্মোচিত মণিপুৰৰ আন এক বৰ্বৰোচিত কাণ্ড; এজনক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ’ ভাইৰেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.