ETV Bharat / bharat

Manipur video shows man set on fire: পুনৰ উন্মোচিত মণিপুৰৰ আন এক বৰ্বৰোচিত কাণ্ড; এজনক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ’ ভাইৰেল

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 11:07 AM IST

Manipur video shows man on fire
পুনৰ উন্মোচিত মণিপুৰৰ আন এক বৰ্বৰোচিত কাণ্ড

মণিপুৰত দেওবাৰে এজন ব্যক্তিক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ’ ব্যাপক হাৰত ভাইৰেল হয় ৷ ইয়াৰ পাচতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে ৷ মণিপুৰত দুগৰাকী যুৱতীক উলংগ অৱস্থাত পেৰেড কৰোৱা ভাইৰেল ভিডিঅ‘ৰ লগত এই ঘটনাৰ সংগতি থকাৰ সন্দেহ ৷ ঘটনা তদন্ত চিবিআইক হস্তান্তৰ পৰামৰ্শ মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙৰ ৷

নিউজ ডেস্ক, ১০ অক্টোবৰ: হিংসাজৰ্জৰ মণিপুৰত ভাইৰেল হৈছে এটাৰ পাচত আন এটা চাঞ্চল্যকৰ ভিডিঅ’ ৷ শেহতীয়াকৈ দেওবাৰে ইন্টাৰনেটত ব্যাপক হাৰত ভাইৰেল হৈছে এটা ভিডিঅ’ ৷ এই ভিডিঅ’টোত মণিপুৰৰ এজন ব্যক্তিক জীৱন্তে জ্বলাই দিয়া দেখা গৈছে ৷ ইয়াৰ পাচতেই সোমবাৰে এই ঘটনাৰ সত্যসত্যতা স্বীকাৰ কৰে ৰাজ্যখনৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে ৷

নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে সোমবাৰে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি এই ঘটনাত নিশ্চিতি প্ৰকাশ কৰে ৷ মণিপুৰৰ নিৰাপত্তা উপদেষ্টাগৰাকীয়ে সদৰী কৰা অনুসৰি প্ৰাৰম্ভিক তদন্তত ভিডিঅ’টো ৪ মে’ৰ বুলি সন্দেহ কৰা হৈছে । ভিডিঅ’টোত দেখা পোৱা ব্যক্তিজনৰ নাম লাল ডিং থাংগা খোংছাই ওৰফে লাল জেমছ (৩৭ বছৰ) আৰু তেওঁ কাংপকপি জিলাৰ হাউ হং চিং গাঁৱৰ বাসিন্দা । বৰ্তমান JNIMS হাস্পতালত ডিং থাংগা খোংছাইৰ মৃতদেহটো ৰখা হৈছে ।

৩ মে’ত মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ এদিন পাচতেই মণিপুৰত দুগৰাকী যুৱতীক উলংগ অৱস্থাত পেৰেড কৰোৱা ভাইৰেল ভিডিঅ‘ৰ লগত এই ঘটনাৰ সংগতি থকাৰ সন্দেহ কৰা হৈছে ৷ মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙে এই গোচৰটো চিবিআইক হস্তান্তৰ কৰাৰ পৰামৰ্শ দিছে বুলি সংবাদমেলত নিৰাপত্তা উপদেষ্টা সিঙে জানিবলৈ দিয়ে । উল্লেখ্য যে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ইতিমধ্য়ে উত্তৰ-পূব ৰাজ্যখনৰ কেইবাটাও হিংসাত্মক ঘটনাৰ তদন্ত চলাই আছে ৷ মহিলাৰ পেৰেডৰ ঘটনাৰো তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে ।

দেওবাৰে ভাইৰেল হোৱা ৭ ছেকেণ্ডৰ ভিডিঅ’টোত এজন যুৱক জীৱিত অৱস্থাত জ্বলি থকা দেখা গৈছে । ওচৰতে একাংশ অভিযুক্ত থিয় হৈ আছে, ভিডিঅ’টোত কেৱল ভৰি দুখনহে দেখা গৈছে । ভিডিঅ’টোৰ পটভূমিৰ পৰা আহি আছে গুলীচালনাৰ শব্দ । যুৱকজনক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ’টো পোহৰলৈ অহাৰ পাচতেই চুৰাচান্দপুৰৰ জনজাতীয় সংগঠন ‘ইণ্ডিজিনিয়াছ ট্ৰাইবেল লীডাৰ্চ ফ’ৰামে’ (ITLF) এই ঘটনাক গৰিহণা দিয়ে ।

লগতে পঢ়ক: Manipur Woman naked parade case : মণিপুৰৰ ভাইৰেল ভিডিঅ' গোচৰৰ সপ্তমটো অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.