সত্ৰপীঠ মাজুলীত বৰদিন উদযাপনক লৈ প্ৰতিক্ৰিয়া মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীৰ

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 7:20 PM IST

thumbnail

মাজুলী, 24 ডিচেম্বৰ : বৰদিনলৈ মাজত মাথোঁ এদিন ৷ অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মাজুলীৰ 65 টা গীৰ্জাত বৰদিন উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে । ইয়াৰ পিচতে সত্ৰপীঠত এনেদৰে বৰদিন উদযাপন কৰাক লৈ সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছে ৷ 

মাজুলীত বৰদিন উদযাপনক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীয়ে । তেওঁ কয়, "আমি নিজৰ সংস্কৃতিক বাদ দিছো, নিজৰ সংস্কৃতিক বেয়া পোৱা মানে নিজৰ মাক বেয়া পোৱা । এইসকলে নিজৰ সংস্কৃতি, নিজৰ ধর্ম এৰি দিছে, আনৰ ধৰ্ম গ্ৰহণ কৰিছে, আমি ধর্মক কেতিয়াও নিন্দা কৰা নাই ৷ কিন্তু ঠাই বিশেষে কিছুমান নিজস্ব স্বকীয়তা থাকে যিটো সকলোৱে বজাই ৰাখিব লাগে ।" 

তেওঁ লগতে কয় সকলোৱে নিজৰ সংস্কৃতি ধৰি ৰাখক আৰু সকলো জাতি জনগোষ্ঠীৰ লোক একেলগে একতাৰ দোলেৰে বান্ধ খাই থাকক ।

লগতে পঢ়ক: বৰদিন, 31 ডিচেম্বৰলৈ তৎপৰ পৰিবহন বিভাগ: সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ হ’ব পৰিবহন বিভাগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.