ETV Bharat / state

বৰদিন, 31 ডিচেম্বৰলৈ তৎপৰ পৰিবহন বিভাগ: সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ হ’ব পৰিবহন বিভাগ

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 9:13 PM IST

Road Safety Campaign organised by DTO Kamrup Metro
তৎপৰ পৰিবহন বিভাগ

ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা শূণ্য কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ পৰিবহন বিভাগৰ ৷ আগন্তুক বৰদিন, 31 ডিচেম্বৰ উপলক্ষে সষ্টম হৈ পৰিছে পৰিবহন বিভাগ ৷

কঠোৰ হ’ব পৰিবহন বিভাগ

গুৱাহাটী, 20 ডিচেম্বৰ : চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈ ৰাজ্যত পথ দুৰ্ঘটনাত 2,606 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে গুৱাহাটী মহানগৰীত 237 জন লোকৰ মৃত্যু ৷ সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰিছে পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে | বুধবাৰে নাৰেংগী তিনি আলিত আযোজন কৰা এক পথ সজাগতা সভাত ভাগ লৈ পৰিবহন আয়ুক্তগৰাকীয়ে আগন্তুক বৰদিন, 31 ডিচেম্বৰ আৰু নতুন বছৰটোত পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিভাগে প্ৰত্যাহ্বান হিচাপে লৈ ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা শূণ্য কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰে ৷

উল্লেখ্য যে আগন্তুক বৰদিন, 31 ডিচেম্বৰ আৰু নতুন বছৰটো পথ দুৰ্ঘটনা মুক্তভাৱে উদযাপন কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগ ৷ নববৰ্ষৰ লগতে উৎসৱকালীন সময়ছোৱাত যাতে পৰিবহন নীতি-নিয়ম উলংঘা কৰি তথা সুৰাসক্ত হৈ গাড়ী চলাই দুৰ্ঘটনা সংঘটিত হ’ব নোৱাৰে লগতে বনভোজস্থলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিভাগ ৷

ইফালে নাৰেংগীত পথ সজাগতামূলক কার্যসূচীত অংশগ্ৰহণ কৰি জিলা পৰিবহন বিষয়া হিমাংশু কুমাৰ দাসে কয় যে, বনভোজকাৰীসকলে যাতে সুৰাপান নকৰে, মদ্যপান কৰি যাতে চালকে বাহন নচলাই,বনভোজস্থলীত কোনো লোকে যাতে উশৃংখল আচৰণ কৰি পৰিবেশ বিঘ্নিত নকৰে তাৰ পৰামৰ্শ আগবঢ়ায় ৷ পৰিবহন বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে জিলা পৰিবহন বিষয়াই এই সময়ছোৱাত বনভোজলৈ যোৱা সকলৰ কোনো এটি পৰিয়াল যাতে দুখজনক সংবাদ লৈ ঘৰলৈ যাব নালাগে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

সুৰাপান কৰি যদি কোনো লোকে বাহন চলায় তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰী কৰে পৰিবহন বিষয়াগৰাকীয়ে ৷ ইতিমধ্যে পৰিবহন বিভাগে মহানগৰীৰ ভিন্ন প্ৰান্তত পথ সুৰক্ষাক লৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে পৰিবহন নিগমৰ তৰফৰ পৰা সুৰাপায়ী চালক তথা যান-বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰম্ভ কৰিছে বিশেষ অভিযান ৷ আজি নাৰেংগী তিনিআলিৰ ৰাজপথত পথ সুৰক্ষা সন্দৰ্ভত অযোজন কৰা সজাগতা সভাত চন্দ্ৰশেখৰ দাসৰ নেতৃত্বত শিল্পীৰ এটা দলে বাটৰ নাট প্ৰদৰ্শন কৰে ৷ এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাস, নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত যান-বাহন আৰক্ষী বিষয়া কামেশ্বৰ বৈশ্যৰ লগতে পৰিবহন বিষয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়ক : ঘাইপথত গৰু-ছাগলী উঠিলে গৰাকীয়ে ভৰিব লাগিব জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.