Request for bridge: ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিৰ শিক্ষাৰ্থীয়ে কৰযোৰে বিচাৰিব লগীয়া হৈছে দলং

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 12:31 PM IST

thumbnail

যোৰহাট, ১৪ ছেপ্টেম্বৰ : বিধায়ক ৰূপজ্যোতি কুৰ্মী সমষ্টিৰ ৰূপৰ নমুনা ৷ এশ এবুৰি সমস্যাৰে ভৰপূৰ বিধায়ক কুৰ্মী সমষ্টি ৷ বিধায়ক কুৰ্মীৰ সমষ্টি উন্নয়ন পুতৌলগা ছবিয়ে হতচকিত কৰিছে সাধাৰণ জনতাক ৷ যোৰহাট জিলা অন্তৰ্গত মৰিয়নী সমষ্টি নাগিনীজান চাহ বাগিছাৰ ষ্টাফ লাইন সংযোগী পথটোত আছে পাহাৰৰ পৰা বৈ অহা এটা জান ৷ এই জানৰ ওপৰত থকা কাঠৰ দলংখন কিছুদিন পূৰ্বে ভাঙি যায় ৷ এই দলংখন ভাঙি যোৱাত বিপদত পৰিছে এতিয়া অঞ্চলবাসী ৷

দলংখন নোহোৱা হোৱাত বাগিছাখনৰ শ্ৰমিকৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ আনহাতে, এই দলংখন নোহোৱা বাবে বাগিছাখনৰ উক্ত স্থানলৈ প্ৰৱেশ কৰিব নোৱাৰে এম্বুলেন্সকে কিম্বা অন্য বাহন । ফলত জৰুৰীকালীন অৱস্থাৰ সময়ত চিকিৎসালয়ত উপস্থিত হ’ব নোৱাৰে ৰোগীয়ে ।

বিজেপি চৰকাৰে বাগিছাৰ বাট-পথ উন্নয়ন কৰা বুলি দাবী কৰিলেও নাগিনীজান চাহ বাগিছাখনৰ এই গুৰুত্বপূৰ্ণ দলংখন নিৰ্মাণ কৰা ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উপায়ন্তৰ হৈ মৰিয়নী সমষ্টিৰ এই দলংখন নিৰ্মাণ কৰি দিবলৈ হাতযোৰ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে অঞ্চলবাসী আৰু শিক্ষাৰ্থীসকলে ৷

লগতে পঢ়ক : Enact law to stop polygamy : বহুবিবাহ বাল্যবিবাহ নিষিদ্ধকৰণ আইনৰ খচৰা প্ৰস্তুত কৰিবলৈ ৫ জনীয়া কমিটি গঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.