ETV Bharat / state

Enact law to stop polygamy : বহুবিবাহ বাল্যবিবাহ নিষিদ্ধকৰণ আইনৰ খচৰা প্ৰস্তুত কৰিবলৈ ৫ জনীয়া কমিটি গঠন

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 10:19 AM IST

বহুগামী বিবাহৰ বিৰুদ্ধে আহিব আইন ৷ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ নেতৃত্বত খচৰা প্ৰস্তুতৰ বাবে ৫ জনীয়া কমিটী গঠন ৷ সূচনা জাৰি কৰা তাৰিখৰ পৰা ৪৫ দিনৰ ভিতৰত চৰকাৰক দাখিল কৰিব কমিটীয়ে আইনৰ খচৰা ৷

Assam Govt sets up expert committee to enact law to stop polygamy
বহুবিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে গঠন বিশেষজ্ঞ সমিতি

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : বহুবিবাহ, বাল্যবিবাহ নিষিদ্ধকৰণ আৰু ভুৱা পৰিচয়েৰে বিবাহ প্ৰতিৰোধৰ দিশত আইন প্ৰৱৰ্তনৰ বাবে আৰু এখোজ আগবাঢ়িছে অসম চৰকাৰ ৷ বহুবিবাহ, বাল্যবিবাহ আৰু ভুৱা পৰিচয়েৰে আন্তঃধৰ্মীয় বিবাহৰ প্ৰতিৰোধ কৰা, বাল্য বিবাহৰ বিষয়ত কাজীৰ ভূমিকা আদি বিষয়ত এখন উপযুক্ত আইন প্ৰণয়নৰ বাবে অসম চৰকাৰে এজন ৫ জনীয়া কমিটী গঠন কৰিছে ।

Assam Govt sets up expert committee to enact law to stop polygamy
বহুবিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ সমিতি

ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত কমিতিখন গঠন কৰা হৈছে ৷ ৰাজ্যৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰীয়াৰ নিৰ্দেশনা মৰ্মে ৰাজ্য চৰকাৰে গঠন কৰিছে এই কমিটীখন ৷ বুধবাৰে জাননী জাৰি কৰি গঠন কৰা কমিতিৰ আন সদস্য ৪ গৰাকী হ’ল, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা নলীন কোহলী, আইনী স্মৃতিচাৰক আৰু ন্যায়িক বিভাগৰ সচিব ৰমেন বৰুৱাৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগু ।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ বিশ্বজিৎ পেগুক কমিতিখনৰ সদস্য সম্পাদক হিচাবে দায়িত্ব ভাৰ দিয়া হৈছে । অসম চৰকাৰৰ ৰাজনৈতিক (ক) বিভাগে বুধবাৰে এক অধিসূচনা জাৰি কৰি এই গুৰুত্বপূৰ্ণ সমিতিখন গঠন কৰে । অধিসূচনা জাৰি কৰাৰ দিনটোৰ পৰা ৪৫ দিনৰ ভিতৰত কমিটীখনে নিজৰ আইনৰ খচৰা চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব ।

সদ্য গঠিত এই কমিটীয়ে বিভিন্নজনৰ পৰা লাভ কৰা পৰামৰ্শসমূহ বিবেচনা কৰিব ৷ যিসকলে আইনখনৰ বিৰোধিতা কৰে তেওঁলোক তিনিখন আবেদনৰ মাজেৰে যাব ৷ প্ৰয়োজন হ’লে এই কমিটীখনে ব্যক্তিগতভাৱেও আইনখন সমৰ্থন নকৰা সকলৰ যুক্তি শুনিব ৷ আইনখনৰ সমৰ্থন নকৰা সকলৰ মতামত গ্ৰহণ কৰি কমিটীখনে বিবেচনা কৰিব ৷ ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে কমিটীখনে আইন আয়োগৰ অধ্যক্ষকো সাক্ষাৎ কৰাৰ দিহা দিয়া হৈছে অতিৰিক্ত মুখ্য সচিব নিৰজ বাৰ্মা স্বাক্ষৰিত কমিটী গঠন কৰা জাননীখনত ।

উল্লেখযোগ্য যে, অসম চৰকাৰে অহা ডিচেম্বৰ মাহত অসম বিধানসভাৰ অধিৱেশনত বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে এখন বিধেয়ক উত্থাপন কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলাই আহিছে । তাৰে পৰিপ্ৰেক্ষিতত এই ৫ জনীয়া কমিটীখন গঠন কৰা হৈছে । ইয়াৰ পূৰ্বেও এই বিষয়ক আইনৰ খচৰা প্ৰস্তুতকৰণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনৰ নেতৃত্বতো এখন কমিটী গঠন কৰা হৈছিল ।

লগতে পঢ়ক : Enact law to stop polygamy: বহুবিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.