Protesting against inclusion in Bongaigaon: বঙাইগাঁৱত অন্তৰ্ভুক্তিৰ বিৰোধিতাৰে বৰপেটাৰ বহুকেইখন গাঁৱৰ লোকৰ প্ৰতিবাদ

By

Published : Jan 5, 2023, 2:29 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত 5 খন গাঁও কৰ্তন কৰি বঙাইগাঁও জিলাৰ লগত সংযোগ কৰাৰ ঘোষণা কৰাৰ পিছতে ইয়াৰ বিৰোধিতাৰে বুধবাৰে গাঁওবাসীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protesting against inclusion in Bongaigaon)৷ চৰকাৰৰ এনে সিদ্ধান্ত বাতিল কৰক, আমাৰ গাঁও কৰ্তন কৰা নচলিব, আমাৰ গাঁও বৰপেটা জিলাত বাহাল ৰাখিব লাগিবই, মুখ্যমন্ত্ৰীয়ে আমাৰ দাবী মানি লওক আদি শ্লোগানেৰে কলগাছিয়াৰ বৰটাৰীৰ পৰিৱেশ উত্তাল কৰি তোলে উত্তেজিত গাঁওবাসীয়ে (Protest for Connecting to Bongaigaon district)৷ পূৰ্বৰ পৰাই সত্ৰনগৰী বৰপেটাত বসবাস কৰা গাওঁকেইখন বঙাইগাঁও জিলাৰহ লগত সংলগ্ন কৰাটো মানি ল'ব পৰা নাই গাওঁ কেইখনৰ ৰাইজে ৷ উল্লেখ্য যে কান্দুলীয়া, ক্ষুদ্ৰখোৱা, ইছবপুৰ, মাণিকপুৰ আৰু সাংসদ আব্দুল খালেকৰ (MP Abdul Khaleque) গৃহ গাঁও বৰটাৰী বঙাইগাঁও জিলাৰ লগত সংলগ্ন কৰা হৈছে ৷ অচিৰেই এই সিদ্ধান্ত বাতিল কৰি উক্ত গাঁওকেইখন বৰপেটা জিলাতেই বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) প্ৰতিবাদকাৰী সকলে আহ্বান জনায় ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.