Operation against child marriage: নগাঁৱত আৰম্ভ বাল্য বিবাহ বিৰোধী অভিযান

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:05 PM IST

thumbnail

নগাঁও, 3 অক্টোবৰ: বাল্য বিবাহৰ বিৰুদ্ধে নগাঁও জিলাৰ জুৰীয়া আৰু বটদ্ৰৱাত অভিযান চলায় আৰক্ষীয়ে । জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিতু দাসৰ নেতৃত্বত নিশা জুৰীয়াৰ চতিয়ানত চলা অভিযানত আটক হয় পিতা-পুত্ৰ । ধৃত পিতা-পুত্ৰ দুজন ক্ৰমে আবু বক্কৰ ছিদ্দিক আৰু ৰফিকুল ইছলাম । এই অভিযানত আৰু বহু আটক হোৱাৰ আছে সম্ভাৱনা আছে । 

ইপিনে বটদ্ৰৱাতো পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত অভিযান চলাই বটদ্ৰৱাৰ হাইডুবি গাঁৱৰ পৰা আটক কৰা হয় অবৈধভাৱে বিবাহ সম্পন্ন কৰা দম্পতি আমিৰ হুছেইন আৰু আফচনা খাতুনক । লগতে এই বিবাহৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ বাবে দম্পতিটোৰ পিতৃ ক্ৰমে আব্দুল আলী আৰু আব্দুল শ্বাহীদক আটক কৰে । 

লগতে পঢ়ক: Anti Child marriage operation: বাল্যবিবাহ বিৰোধী অভিযানত বঙাইগাঁৱত গ্ৰেপ্তাৰ 39 জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.