Anti Child marriage operation: বাল্যবিবাহ বিৰোধী অভিযানত বঙাইগাঁৱত গ্ৰেপ্তাৰ 39 জন

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 12:26 PM IST

thumbnail

মাণিকপুৰ, 3 অক্টোবৰ: ৰাজ্যত পুনৰ আৰম্ভ হৈছে বাল্যবিবাহ বিৰোধী অভিযান ৷ সমগ্ৰ অসমৰ লগতে বঙাইগাওঁ জিলাতো পুনৰ আৰম্ভ হৈছে বাল্যবিবাহ বিৰোধী অভিযান ৷ প্ৰথম দিনাই অভিযান চলাই 39 জনকৈ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । 

53 জনৰ বিৰুদ্ধে অভিযোগ আছিল যদিও ৰাতিৰ ভিতৰতে পৃথকে পৃথকে অভিযান চলাই 39 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা 39 জনৰ ভিতৰত মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা আঠজনকৈ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । অভিযানত গ্ৰেপ্তাৰ হোৱা অবৈধ স্বামী, অভিভাৱক আৰু মধ্যস্থতাকাৰীসকল হ’ল হাফিজুৰ দেৱান (22), নোৱাগাওঁ; বিষা দেৱান (51), নোৱাগাওঁ; মিৰাদুল মিঞা, (20), নোৱাগাওঁ; আব্বাছ আলী, (55) ২ নং দেওতাৰী; ৰমজান আলী (42) 2 নং দেওতাৰী; ওৱাচকুৰনী মিঞা, (42) বালাৰপেট; মকবুল হুছেইন (44) 5 নং ভাণ্ডাৰা, ছানিদুল ইছলাম (21) 3 নং জাৰাগুৰী । 

উল্লেখ্য যে নিশাৰ ভিতৰতে সমগ্ৰ অসম জুৰি চলোৱা অভিযানৰ বাবে ৰাজ্যজুৰি বিভিন্ন পৰিয়ালৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিৱেশৰ । জিলাখনৰ থানাই থানাই গ্ৰেপ্তাৰ হোৱা সকলৰ আত্মীয়ই থানাৰ বাহিৰে-ভিতৰে ভিৰ কৰা পৰিলক্ষিত হৈছে । 

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্য চৰকাৰৰ নেতৃত্বত বিগতবাৰ ৰাজ্যত আৰম্ভ হোৱা বাল্যবিবাহ বিৰোধী অভিযানৰ ফলত বহু পৰিয়ালত আলৈ-আহুকালে দেখা দিয়াৰ সমান্তৰালভাৱে কেবাটাও শোকাৱহ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছিল ৷ বিৰোধীৰ উপৰিও সৰ্বাসাধাৰণেও ৰাজ্য চকৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল ৷ মৃল্যবৃদ্ধিকে ধৰি নানানটা মৌলিক সমস্যাৰে ৰাজ্যবাসী জৰ্জৰিত হৈ থকাৰ সময়ত ৰাজ্য চৰকাৰে পুনৰ বাল্যবিবাহ বিৰোধী অভিযান আৰম্ভ কৰাত বিভিন্ন পক্ষই সমালোচনাৰে থকা-সৰকা কৰা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰক ৷

লগতে পঢ়ক:  Fire incident in Jorhat : যোৰহাটৰ বস্ত্ৰ বিপণীত অগ্নিকাণ্ডৰ ঘটনা, কথমপি বৃহৎ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.