Guwahati murder case: প্ৰথমে হানি খুচি হত্যা, পিচত মৃতদেহক গুৰিয়ালে হত্যাকাৰীয়ে

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:15 PM IST

thumbnail

গুৱাহাটী, 24 অক্টোবৰ: দশমীৰ উখল মাখল পৰিৱেশৰ মাজতে মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড ৷ মঙলবাৰে দিন দুপৰতে এজন ই-ৰিক্সা চালকক হানি খুচি হত্যা মাতাল লোকৰ ৷ হেঙেৰাবাৰী এল.পি স্কুলৰ সমীপত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ মৃত লোকজনৰ নাম খগেন দাস বুলি জানিব পৰা হৈছে ৷ 

জানিব পৰা অনুসৰি, কাজিয়া ভাগিবলৈ যাওঁতে খগেনক টিলেশ্বৰ নামৰ সুৰাৰ ৰাগীত মাতাল হৈ থকা লোকজনে হাতত থকা ছুৰীৰে অতৰ্কিতে হানি খুচি হত্যা কৰে ৷ ঘটনা সংঘটিত কৰা পিচত টিলেশ্বৰে মৃতদেহটোক গুৰিয়াই থৈ আহে ৷ ইফালে স্থানীয় লোকক মাতাল লোকজনে ধমকিৰ সুৰত কৈ যে, ইয়াৰ নাটক এয়া, ইয়াত একো হোৱা নাই ৷ 

আনহাতে হাতত ডেগাৰ লৈ থকাৰ কাৰণে টিলেশ্বৰৰ কাষ চাপিবলৈ ভয় কৰিছিল স্থানীয় লোকসকল ৷ ঘটনা সংঘটিত কৰি  ঘটনাস্থলীৰ পৰা নোহোৱা হৈছিল ছুৰীকাঘাত কৰা টিলেশ্বৰ  ৷ ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাৰ অভিযুক্ত টিলেশ্বৰক জিম্মাত লৈছে ৷

লগতে পঢ়ক: Bangladesh train collision: বাংলাদেশত দুৰ্ঘটনাগ্ৰস্ত এগাৰোসিন্ধু গোধূলি এক্সপ্ৰেছ; অতিকমেও 15 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.