ETV Bharat / international

Bangladesh train collision: বাংলাদেশত দুৰ্ঘটনাগ্ৰস্ত এগাৰোসিন্ধু গোধূলি এক্সপ্ৰেছ; অতিকমেও 15 জনৰ মৃত্যু

author img

By ANI

Published : Oct 23, 2023, 6:55 PM IST

Updated : Oct 24, 2023, 7:28 AM IST

বাংলাদেশৰ ভৈৰৱ উপজিলাত দুৰ্ঘটনাত পতিত এগাৰোসিন্ধু গোধূলি এক্সপ্ৰেছ ৷ অতিকমেও 15 জনৰ মৃত্যু ৷ আহত বহুসংখ্যক লোক ৷

Bangladesh train collision
Bangladesh train collision

নিউজ ডেস্ক, 23 অক্টোবৰ: বাংলাদেশত ভয়ংকৰ ৰেল দুৰ্ঘটনা ৷ এখন মালবাহী আৰু এখন যাত্ৰীবাহী ৰেলৰ মাজত প্ৰচণ্ড সংঘৰ্ষ ৷ সোমবাৰে বিয়লি কিশোৰগঞ্জৰ ভৈৰৱ উপ-জিলাত এগাৰোসিন্ধু নামৰ এখন যাত্ৰীবাহী ৰে’লে এখন মাল ৰে’লক পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷

এই দুৰ্ঘটনাত অতি কমেও 15 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হয় বুলি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে ৷ ভৈৰৱ বজাৰ অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত ৰাছেলে এই ঘটনা নিশ্চিত কৰে ৷ দুৰ্ঘটনাৰ ফলত এগাৰোসিন্ধুৰ গোধূলি ৰে’লৰ পিছফালৰ দুটা দবাৰ ক্ষতিসাধন হয় ।

প্ৰত্যক্ষদৰ্শীয়ে ৰে’লৰ তলত একাংশ ব্যক্তি আবদ্ধ হৈ থকাৰ কথা জনোৱাৰ বিপৰীতে ভৈৰব ষ্টেচন মাষ্টাৰ ইউছুফে কয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে এই তথ্য ।

ভৈৰব ষ্টেচনৰ মাষ্টাৰ ইউছুফে কয়, "এই ঘটনাটো বিয়লি প্ৰায় 3.30 বজাত সংঘটিত হয় । মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ঢাকাৰ পৰা চট্টগং, চিলেট আৰু কিশোৰগঞ্জলৈ ৰে'ল সংযোগ বন্ধ কৰা হৈছে ।"

‘‘ধ্বংসাৱশেষৰ পৰা বৰ্তমানলৈ পোন্ধৰটা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।’’ বাংলাদেশ অগ্নিনিৰ্বাপক বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা সংবাদ মাধ্যমৰ মুৰব্বী শ্বাহজাহান ছিকদাৰে কয় । তেওঁ কয় যে অগ্নিনিৰ্বাপক বাহিনীৰ এক ডজনৰো অধিক ইউনিটে উদ্ধাৰ অভিযান চলাই আছে । ভৈৰৱ ৰেলৱে ষ্টেচনৰ এজন আৰক্ষী বিষয়াৰ উদ্ধৃতি দি bdnews24-এ প্ৰকাশ কৰা অনুসৰি ক্ষতিগ্ৰস্ত ডবাবোৰৰ তলত কেইবাজনো লোক আবদ্ধ হৈ আছে ।

ৰেল দুৰ্ঘটনাৰ পাচতে ঢাকাৰ পৰা চিটাগং, চিলেট, আৰু কিশোৰগঞ্জলৈ ৰেলৰ চলাচল বন্ধ কৰা হৈছে আৰু সেই স্থানত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই প্ৰতিবেদন দাখিল কৰাৰ সময়লৈ 15 জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ৷ বাংলাদেশত ৰেল দুৰ্ঘটনা সাধাৰণতে দুৰ্বল সংকেত, গাফিলতি, পুৰণি ট্ৰেক বা অন্যান্য জৰাজীৰ্ণ আন্তঃগাঁথনিৰ বাবেই হয় ।

লগতে পঢ়ক: Naxalites killed in Kanker : ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ২ নক্সালবাদী; ভুৱা এনকাউণ্টাৰৰ দাবী পৰিয়ালৰ

Last Updated :Oct 24, 2023, 7:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.