ETV Bharat / bharat

Naxalites killed in Kanker : ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ২ নক্সালবাদী; ভুৱা এনকাউণ্টাৰৰ দাবী পৰিয়ালৰ

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:56 PM IST

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ২ নক্সালবাদী
Naxalites killed in Kanker

শনিবাৰে কাঙ্কাৰত নক্সালবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত এক সংঘৰ্ষ সংঘটিত হৈছিল । সংঘৰ্ষস্থলীৰ পৰা দুজন নক্সালবাদীক মৃত অৱস্থাত উদ্ধাৰ কৰা গৈছিল । তেওঁলোকৰ পৰা কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰা হৈছিল । অৱশ্যে মৃতকৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰিছে যে ভুৱা সংঘৰ্ষত তেওঁলোক নিহত হৈছে । লগতে দাবী কৰে যে তেওঁলোক সাধাৰণ গাঁওবাসী আছিল ।

নিউজ ডেস্ক, ২৩ অক্টোবৰ : শনিবাৰে ছত্তীশগড়ৰ কাঙ্কেৰ জিলাৰ কয়ালিবেৰাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন নক্সালবাদী নিহত হয় । কিন্তু মৃতকৰ আত্মীয়সকলে দেওবাৰে মৃতদেহ সংগ্ৰহ কৰিবলৈ কাঙ্কেৰ আৰক্ষী থানাত উপস্থিত হোৱা সময়ত বিষয়টো ভুৱা এনকাউণ্টাৰ বুলি দাবী কৰে । লগতে বিষয়টো সন্দৰ্ভত পুংখানুপুংখ তদন্তৰো দাবী জনায় ।

"পৰিয়ালৰ সদস্যসকলৰ ভাষ্য লোৱা হৈছে আৰু তদন্ত কৰা হ'ব ।" কাঙ্কাৰৰ আৰক্ষী অধীক্ষক দিব্যাং পেটেলে এই সন্দৰ্ভত কয় ।

উল্লেখ্য যে সন্দেহজনক নক্সালবাদী দুজনক মোডা পাড্ডা আৰু কানা বেদ বুলি চিনাক্ত কৰা হৈছে । কিন্তু পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰিছে যে মোডা আৰু কানাক নক্সালবাদীৰ সন্দেহত কাঙ্কেৰ আৰক্ষীয়ে হত্যা কৰে । "দুয়োজন সাধাৰণ গাঁওবাসী আছিল, নক্সালবাদী নহয় । তেওঁলোক অৰ্ছা খণ্ডৰ আদনাৰ পঞ্চায়তৰ অন্তৰ্গত কাকনাৰ গাঁৱৰ বাসিন্দা আছিল ।" আত্মীয়সকলে কয় ।

মোডাৰ ভাতৃ বড়ো পাড্ডাই কয় যে সাপ্তাহিক বজাৰৰ পৰা উভতি অহাৰ সময়ত আৰক্ষীয়ে তেওঁৰ ভাতৃক আক্ৰমণ কৰে । "শুকুৰবাৰে সন্ধিয়া মোৰ ভাতৃয়ে কয়ালিবেৰা সাপ্তাহিক বজাৰৰ পৰা গাঁৱলৈ উভতি আহিছিল । মোৰ ভাতৃয়ে গোমে গাঁৱত পুনেশ মান্দাভিৰ ঘৰত নিশাটো কটাইছিল । শনিবাৰে পুৱা প্ৰায় ৬.৩০ বজাত তেওঁ পুনৰ গাঁৱলৈ ৰাওনা হৈছিল । ঘৰলৈ উভতি আহোঁতে আৰক্ষীয়ে তেওঁক বনাঞ্চলত বাধা প্ৰদান কৰে আৰু পিছত কয় যে দুজন নক্সালবাদী ধৰা পৰিছে আৰু এনকাউণ্টাৰত নিহত হৈছে ।" পাড্ডাই কয় ।

আনহাতে, মৃতদেহ সংগ্ৰহ কৰিবলৈ অহা পৰিয়ালৰ সদস্যসকলে অভিযুক্ত নক্সালবাদী দুজনৰ আধাৰ কাৰ্ডো লগত লৈ আহিছিল । ইফালে আৰক্ষীয়ে পৰিয়ালৰ সদস্যসকলক জনায় যে যি ঠাইত এনকাউণ্টাৰটো সংঘটিত হৈছিল তাত নক্সালবাদীৰ এটা শিবিৰ আছে আৰু পিছত নক্সালবাদীয়ে তেওঁলোকৰ সামগ্ৰী এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ পূৰ্বে নক্সালবাদীসকলে এৰি থৈ যোৱা অস্ত্ৰ-শস্ত্ৰসমূহ মৃতকৰ অস্ত্ৰ হিচাপে ঘোষণা কৰা বুলি অভিযোগ কৰে আন এজন আত্মীয় চুকলালে ।

কানাৰ ভাতৃয়ে কয় যে মোডা আৰু কানাৰ সৈতে তিনি-চাৰিগৰাকী মহিলাও আছিল । কয়ালিবেৰা বজাৰ পাবলৈ পাহাৰ পাৰ হ'ব লাগে । "আমি সাধাৰণতে কয়ালিবেৰাৰ পৰা চাউল কিনিছিলোঁ । কিন্তু যিহেতু ভাত পোৱা নাছিল, সেয়ে মোৰ ভাতৃ ঘৰলৈ উভতি আহিছিল । তেওঁ নিশাটো গোম গাঁৱত কটাইছিল আৰু পিছদিনা পুৱা ঘৰলৈ গৈ আছিল । আৰক্ষীয়ে তেওঁক অৰণ্যত আটক কৰে আৰু তেওঁক নক্সালবাদী বুলি হত্যা কৰে । লগতে তেওঁক নক্সালবাদী ৰঙৰ পোছাক পিন্ধিবলৈ বাধ্য কৰোৱা হৈছিল ।" কানাৰ ভাতৃয়ে অভিযোগ কৰে ।

আনহাতে, কাঙ্কেৰৰ এছ পি দিব্যাং পেটেলে কয়, "সৈন্যসকলে গোমেৰ কেচকোডি গাঁও আৰু কায়লিবেৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চাৰিওফালৰ অঞ্চলত ২০-২৫ জন নক্সালবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰা হৈছিল । যেতিয়া জিলা ৰিজাৰ্ভ গাৰ্ডছ (ডিআৰজি) তাত উপস্থিত হৈছিল, তেওঁলোকক নক্সালবাদীয়ে আক্ৰমণ কৰিছিল । প্ৰত্যামণৰ পিছত নক্সালবাদীসকল ঘটনাস্থলীৰ পৰা পলাই যায় । তালাচীৰ সময়ত ঘটনাস্থলীৰ পৰা দুজন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ হয় আৰু বৃহৎসংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় । আমি পৰিয়ালৰ সদস্যসকলৰ পৰা অভিযোগ পাইছোঁ আৰু তেওঁলোকৰ ভাষ্য লৈছোঁ । বিষয়টোৰ তদন্ত কৰা হ'ব ।" পেটেলে কয় ।

ইফালে অভিযুক্ত নক্সালবাদী দুজনৰ পৰিয়ালৰ সদস্যসকলে মৃতদেহ দুটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু প্ৰতিবাদ আৰম্ভ কৰিছে । তেওঁলোকে বিষয়টোৰ পুংখানুপুংখ তদন্তৰ দাবী জনাইছে আৰু মৃতদেহ দুটা জিলা চিকিৎসালয়ৰ শৱগৃহত ৰখা হৈছে ।

লগতে পঢ়ক :Acid attack : স্বামীক এচিডেৰে আক্ৰমণ, ৰঙাঘৰৰ আলহী পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.