ETV Bharat / bharat

Acid attack : স্বামীক এচিডেৰে আক্ৰমণ, ৰঙাঘৰৰ আলহী পত্নী

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:07 PM IST

শুই আছিল স্বামী, মুখমণ্ডলত এচিডেৰে আক্ৰমণ কৰি পলায়ন কৰে পত্নী । শ্যাম নগৰৰ পৰা অভিযুক্ত পত্নীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । পত্নীৰ বিৰুদ্ধে স্বামীক লাঠিৰে আক্ৰমণ কৰাৰো অভিযোগ উঠিছে ।

Acid attack
স্বামীক এচিডেৰে আক্ৰমণ, ৰঙাঘৰৰ আলহী পত্নী

নেশ্যনেল ডেস্ক,২৩ অক্টোবৰ : উত্তৰ প্ৰদেশৰ মীৰাটত চাঞ্চল্যকৰ ঘটনা । শুই থকা অৱস্থাতে এজন যুৱকক এচিডেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা । পত্নীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল যুৱকজনৰ । অৱশেষত পলাতক পত্নীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

জানিব পৰা মতে ঘটনাটো মীৰাটৰ লীসাড়ি গেট আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত ১৯ অক্টোবৰত সংঘটিত হৈছিল । ভুক্তভোগী নাদিমে অভিযোগ কৰা মতে তেওঁৰ পত্নীয়ে সৰু সৰু কথাতে তেওঁৰ সৈতে কাজিয়াত লিপ্ত হৈছিল । পত্নীয়ে তেওঁৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ কৰিছে নাদিমে । আনকি তেওঁৰ ওপৰত পত্নীয়ে দমনমূলক আচৰণো কৰিছিল । কোনো লোকৰ সৈতে কথা পাতিবলৈ নিদিয়ে । পত্নীয়ে প্ৰতিদিনে সৰু সৰু বস্তুক লৈ তেওঁৰ সৈতে কাজিয়া কৰে ।

অৱশেষত ১৯ অক্টোবৰত শুই থকা সময়তে নাদিমৰ মুখমণ্ডলত পত্নীয়ে আক্ৰমণ কৰে । পৰিয়াল আৰু স্থানীয় লোকসকলে ভুক্তভোগী স্বামীক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে । সৌভাগ্যক্ৰমে তেওঁৰ চকুযুৰি ৰক্ষা পৰে । এই ঘটনাৰ পাছতে ভুক্তভোগী স্বামী নাদিমে স্থানীয় আৰক্ষী থানাত অভিযুক্ত পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

ইফালে স্বামীৰ অভিযোগৰ ভিত্তিত মেৱগড়ীৰ বাসিন্দা মহিলাগৰাকীৰ বিৰুদ্ধে ধাৰা ৩২৬এ/৩২৩ আইপিচিৰ অধীনত এটা গোচৰ ৰুজু কৰে । স্বামীক আক্ৰমণ কৰি পলাতক হৈ থকা পত্নীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে শ্যাম নগৰৰ ১২ নম্বৰ ৰোডৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় । ইফালে ধৃত মহিলাগৰাকীক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে । গাৰ্হস্থ্য হিংসাৰ এনে ঘটনাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Pathetic incident : চৰকাৰী অৱহেলা, সদ্যোজাত সন্তানৰ মুখ নেদেখাকৈয়ে কৰুণ মৃত্যুক আঁকোৱালি ল'লে পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.