Wife Killed by Husband: পাৰিবাৰিক সংঘাতৰ কৰুণ পৰিণতি; পত্নীক মৰিয়াই মৰিয়াই হত্যা পাষাণ স্বামীৰ

By

Published : Feb 12, 2023, 5:05 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ডিমা হাছাও, 12 ফেব্ৰুৱাৰী: এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰামজিৰাং গাঁও (Murder in Dima Hasao) ৷ স্বামীৰ প্ৰহাৰত প্ৰাণ গ’ল পত্নীৰ (Husband killed wife) ৷ পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিলে পাষাণ স্বামীয়ে ৷ ইতিমধ্যেই হত্যাকাৰী স্বামীক আটক কৰিছে আৰক্ষীয়ে ৷  

উল্লেখ্য যে, শুকুৰবাৰে নিশা ডিমা হাছাওৰ ৰামজিৰাং গাঁৱত সংঘটিত হৈছিল এই হত্যাকাণ্ডৰ ঘটনা ৷ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, শুকুৰবাৰে নিশা পাওজুলুংবে কুয়াম নামৰ লোকজনে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰে পত্নী নলথাংনে ছিংচনক (Wife killed by Husband in Dima Hasao) ৷ কিন্তু শনিবাৰে পুৱাহে পোহৰলৈ আহে এই হত্যাকাণ্ডৰ তথ্য ৷  

পুৱা ৰাইজে এই ঘটনা অৱগত হোৱাৰ পাচতেই মহিলাগৰাকীৰ ভাতৃ আৰু পৰিয়ালৰ লোকে মাহুৰ আৰক্ষী থানাত হত্যাকাৰী স্বামী পাওজুলুংবে কুয়ামৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিতেই মাহুৰ 3/23 নম্বৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷ শনিবাৰে পুৱাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় হত্যাকাৰী স্বামীক ৷ সম্প্ৰতি ৰঙাঘৰৰ আলহী হত্যাকাৰী পাওজুলুংবে কুয়াম (Dima Hasao Wife murder case) ৷  

উল্লেখ্য যে, পতি-পত্নীৰ মাজত পূৰ্বেই পৰাই বিভিন্ন কথাক লৈ সূত্ৰপাত হৈ আহিছিল কাজিয়াৰ ৷ মাজে মাজে সংঘটিত হৈছিল মাৰপিটৰ ঘটনাও ৷ কিন্তু শুকুৰবাৰে নিশা পতি-পত্নীৰ মাজৰ পাৰিবাৰিক সংঘাতে পালে চূড়ান্ত পৰ্যায় (Family conflict) ৷ যাৰ পৰিণতিত পাষাণ স্বামীয়ে অতি নিৰ্দয়ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক ৷ 

এই হত্যাকাণ্ডৰ এতিয়া উচিত ন্যায় বিচাৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷ লগতে হত্যাকাৰী স্বামীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰো দাবী উত্থাপন কৰিছে ৷ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনাই ৷ 

লগতে পঢ়ক: Ankur Surana Kidnapping Case: ঘটনাৰ মূল অভিযুক্ত প্ৰবাল কলিতাক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.