ETV Bharat / state

আই আই টি ইন্দোৰত কোনগৰাকী অসম কন্য়াই লাভ কৰিলে সৰ্বশ্ৰেষ্ঠ সন্মান - Best IIT Honour of Assamese girl

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 9:38 PM IST

IIT Indore: আই আই টি ইন্দোৰত সাফল্য় অৰ্জন অসম কন্য়াৰ । ৯.৪৫ শতাংশ নম্বৰেৰে সৰ্বশ্ৰেষ্ঠ আই আই টিৰ সন্মান ।

IIT Indore
ছাত্ৰী কৃশাংগী কাশ্যপ (ETV BHARAT ASSAM)

ছাত্ৰী কৃশাংগী কাশ্যপ (ETV BHARAT ASSAM)

বৰপেটা, ২১ মে': আই আই টি ইন্দোৰত সাফল্য় অৰ্জন কৰিছে অসমৰ এগৰাকী মেধাবী ছাত্ৰীয়ে । আই আই টি ইন্দোৰত অধ্যয়নৰত বৰপেটাৰ ছাত্ৰী কৃশাংগী কাশ্যপে জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ অভিযান্ত্ৰিক বিষয়ত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে । বৰপেটাৰ বাসিন্দা হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা কৃশাংগী কাশ্যপে সদ্য়ঘোষিত পৰীক্ষাত এই সাফল্য় অৰ্জন কৰিবলৈ সক্ষম হৈছে । জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ অভিযান্ত্ৰিক বিষয়ত এইগৰাকী ছাত্ৰীয়ে সৰ্বমুঠ ৯.৪৫ শতাংশ নম্বৰেৰে সৰ্বশ্ৰেষ্ঠ আই আই টিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

হিতেশ শৰ্মাই আজি এই সন্দৰ্ভত উল্লেখ কৰি কয় যে ইয়াৰ পূৰ্বেও যোৱা মাৰ্চত আমেৰিকাৰ টেক্সাছত NASAৰ উদ্যোগত অনুষ্ঠিত ৫৫ সংখ্য়ক চন্দ্ৰ আৰু গ্ৰহ বিজ্ঞান সন্মিলন (এলপিএছচি ৫৫) ২০২৪ত ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল কৃশাংগী কাশ্যপে । কৃশাংগী কাশ্যপৰ পিতৃ হিতেশ শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, ছাত্ৰীগৰাকীয়ে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওপৰত চলাই থকা গৱেষণাৰ অংশ হিচাপে প্ৰস্তুত কৰি উলিওৱা "Surface and Subsurface Regolith Charaterization of Lunar South Pole using Chandrayaan-2 Dual-Frequency Synthetic Aperture Radar (DFSAR) শীৰ্ষক নিবন্ধটো NASAৰ অধীনত থকা Lunar and Planetary Institute (LPI)ৰ ৱেবচাইটত প্ৰকাশ পাইছে । এক সাধাৰণ পৰিৱেশৰ পৰা ওলাই আহি নিজৰ একাগ্ৰতাৰে পদাৰ্থ বিজ্ঞানত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা কৃশাংগীয়ে পৰৱৰ্তী সময়ত ২০২২ চনৰ পৰা আই আই টি ইন্দোৰত এই বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন আৰম্ভ কৰে এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ মানসেৰে । অধ্যয়নৰ লগতে তেওঁ চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কে চলাই আছে অন্য এক গৱেষণা ।

উল্লেখযোগ্য যে বৰপেটা নিবাসী হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা কৃশাংগী কাশ্যপৰ অধ্য়য়নৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস আৰু ছাত্ৰ সন্থাৰ মুখ্য় উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই আৰ্থিক সাহায্য প্ৰদান কৰিছে ।

লগতে পঢ়ক:অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ ফলাফলত শীৰ্ষস্থান দখল গৌৰীপুৰৰ ৰছিকা ইছলামৰ

ইউ পি এছ চিত উজলিল বৰপেটাৰোডৰ আজমল হুছেইন - UPSC Result 2023

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.