ETV Bharat / state

গুৱাহাটীত অঘটন: গাৰ্ড ৱাল খহি নিহত কিশোৰ, বাহিনী নৈত উটি গ’ল কন্যা শিশু - Landslide in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 5:48 PM IST

Artificial flood in Guwahati: গুৱাহাটীত ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱালে এটি কিশোৰে ৷ শোৱাপাটীতেই গাৰ্ড ৱাল খহি মৃত্যু ঘটে কিশোৰটিৰ ৷ ইফালে বাহিনী নৈত উটি গ’ল এগৰাকী কন্যা শিশু ৷

Guwahati landslide
artificial flood in Guwahati (ETV Bharat Assam)

গুৱাহাটী, ৩ জুন: কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰী । দেওবাৰে নিশাৰে পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায়ভাগ অঞ্চলত উদ্ভৱ হয় কৃত্ৰিম বানৰ । ইয়াৰ লগতে কেতবোৰ স্থানত ভূমিস্খলন হোৱাৰো খবৰ পোৱা গৈছে ৷ তাৰ মাজতে আহিছে দুটা অঘটনৰ খবৰ ৷

মহানগৰীত ভূমিস্খলনত প্ৰাণ গ’ল কিশোৰৰ (ETV Bharat Assam)

বশিষ্ঠৰ বাহিনী নৈত উটি গ’ল শিশু: গুৱাহাটী মহানগৰীৰ বশিষ্ঠত বাহিনীৰ নৈৰ সোঁতত উটি গ’ল এটি ছবছৰীয়া কন্যা শিশু ৷ নিজৰ ভগ্নীৰ সৈতে জাবৰ পেলাবলৈ আহোঁতেই নৈখনৰ সোঁতে উটুৱাই নিশে কন্যা শিশুটি ৷ অৱশ্যে স্থানীয় লোকৰ সহযোগত শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীও ৷

লগতে পঢ়ক: ৰাজ্যত অপৰিৱৰ্তিত বান‌ পৰিস্থিতি, ৫.৩৫ লক্ষাধিক লোক বানৰ কৱলত - Assam Flood

ভূমিস্খলনত প্ৰাণ গ’ল কিশোৰৰ: মহানগৰীৰ কটাহবাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । নিশা হোৱা ধাৰাসাৰ বৰষুণৰ পিচতেই কটাহবাৰীৰ নিজৰাপাৰাত সংঘটিত হয় ভূমিস্খলন ৷ এখন গাৰ্ড ৱাল খহি শোৱাপাটীতে হেঁচা মাৰি ধৰে এটি কিশোৰক ৷ ফলত নিহত হয় চাহিল হুছেইন নামৰ কিশোৰজনৰ ৷ তেওঁৰ মাতৃয়ে জনোৱা মতে, চাহিল পুৱা শোৱাৰ পৰা উঠিছিল যদিও স্কুললৈ নাযাওঁ বুলি পুনৰ শুই পৰে ৷ তাৰ কিছু সময়ৰ পিচতে গাৰ্ড ৱাল খহি হেঁচা মাৰি ধৰে চাহিলক ৷ স্থানীয় লোকে তেওঁক ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

লগতে পঢ়ক: বানৰ সংহাৰী ৰূপ : বলিয়া বানে প্ৰাণ ল’লে দুজনৰ, আন এজন সন্ধানহীন - Assam Flood 2024

কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰ: দেওবাৰে নিশাৰে পৰা গুৱাহাটী মহানগৰীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বহুকেইটা স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৷ চানমাৰি, জুৰোড, অনিলনগৰ, ৰাজগড়, হাতীগাঁও, ৰুক্মিণী নগৰকে ধৰি বিভিন্ন স্থানত একাঁঠু পৰ্যন্ত বুৰ গৈছে কৃত্ৰিম বানত । যাৰ ফলত মহানগৰবাসীয়ে নিজ নিজ কৰ্তব্যস্থলীলৈ যোৱাত সমস্যাৰ সন্মুখীন হৈছে ।

পাণ্ডুত ভূমিস্খলনত ভাগিল ঘৰ: ইপিনে বৰষুণৰ ফলত পাণ্ডু বৰো বজাৰৰ সমীপতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । এই ভূমিস্খলনত সুশান্ত বিশ্বাস নামৰ লোকজনৰ ঘৰ ভাগি যোৱাৰ লগতে প্ৰায় দুই লাখ টকাৰ সম্পত্তি নষ্ট হয় । এই ভূমিস্খলনত কোনো হতাহত হোৱা নাই যদিও ঘৰৰ ভিতৰৰ পৰা 6 জন লোকক উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক: কালৰূপী বানত শিশুসহ ১১ জনৰ মৃত্যু, দহখন জিলাৰ ছয় লক্ষাধিক লোক ক্ষতিগ্ৰস্ত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.