ETV Bharat / state

বানৰ সংহাৰী ৰূপ : বলিয়া বানে প্ৰাণ ল’লে দুজনৰ, আন এজন সন্ধানহীন - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 9:19 PM IST

Assam flood situation : বানত ডুবি মৃত্যু হ’ল এজন যুৱকৰ, লগতে সন্ধানহীন হৈ আছে আন এজন যুৱক ৷ ইফালে বৰাক নৈৰ পৰা উদ্ধাৰ 63 বছৰীয়া এগৰাকী বৃদ্ধৰ মৃতদেহ ৷

ASSAM FLOOD 2024
বলিয়া বানে লৈছে ভয়ংকৰ ৰূপ (ETV BHARAT ASSAM)

কাছাৰ, 2 জুন : ৰাজ্যত বলিয়া বানে লৈছে ভয়ংকৰ ৰূপ ৷ ৰাজ্যখনৰ বিশেষ কৈ বৰাক উপত্যকাত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে ৷ বানৰ কবলত দিগ-বিদিগ হেৰুৱাইছে বানাক্ৰান্তই ৷ ইতিমধ্যে এই বানে প্ৰাণ লৈছে কেবাজনো লোকৰ ৷

বানত ডুবি মৃত্যু যুৱকৰ (ETV BHARAT ASSAM)

ইয়াৰ মাজতে কাছাৰৰ সোনাই কাপ্তানপুৰত ভয়ংকৰ ঘটনা ৷ বাঢ়নী পানীত ডুবি মৃত্যু হ’ল এজন যুৱকৰ, লগতে সন্ধানহীন হৈ আছে আন এজন ৷ মৃত যুৱকজনৰ নাম সুৰজ ৰবিদাস আৰু সন্ধানহীন যুবকজনৰ নাম ৰিপন ৰবিদাস বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, সুৰজ আৰু ৰিপন নামৰ দুজন যুৱক ঘৰৰ কাষতে বাঢ়নী পানীত সাঁতুৰি থাকোঁতেই হঠাৎ দুয়োগৰাকী পানীত সন্ধানহীন হৈ পৰে ৷ এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে সন্ধান চলাই সুৰজ ৰবিদাসক মৃত অবস্থাত উদ্ধাৰ কৰে যদিও এই পৰ্যন্ত ৰিপন ৰবিদাসৰ কোনো সন্ধান পোৱা নাই স্থানীয় লোকসকলে ৷ পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী আৰু NDRF উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷

আনহাতে আৰক্ষীয়ে সুৰজ ৰবিদাসৰ মৃতদেহ উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ লগতে নিখোজ হৈ থকা ৰিপনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে NDRF-এ ৷ NDRF ৰ অভিযান অব্যাহত আছে যদিও বাতৰি লিখা পৰলৈকে ৰিপন ৰবিদাস নামৰ যুৱকজনৰ কোনো সন্ধান পোৱা নাই ৷ এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ইফালে কাছাৰৰ কাশিপুৰ বাগানৰাস্তাত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা ৷ বৰাক নৈৰ পৰা উদ্ধাৰ 63 বছৰীয়া এগৰাকী বৃদ্ধৰ মৃতদেহ ৷ মৃত বৃদ্ধ গৰাকীৰ নাম ছটলাল ৰবিদাস বুলি জানিব পৰা গৈছে ৷ শনিবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল বৃদ্ধ গৰাকী ৷ আজি দিনৰ ভাগত ঘৰৰ কাষতে বৰাক নৈৰ পৰা উদ্ধাৰ হয় বৃদ্ধজনৰ মৃতদেহ ৷ স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : কালৰূপী বানত শিশুসহ ১১ জনৰ মৃত্যু, দহখন জিলাৰ ছয় লক্ষাধিক লোক ক্ষতিগ্ৰস্ত - Assam Flood 2024

লগতে পঢ়ক : পানীত পৰি একেটা পৰিয়ালৰ দুই শিশুৰ মৃত্যু - Two Child Death By Drowning

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.