ETV Bharat / state

ৰাজ্যত অপৰিৱৰ্তিত বান‌ পৰিস্থিতি, ৫.৩৫ লক্ষাধিক লোক বানৰ কৱলত - Assam Flood

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 2:15 PM IST

Assam flood situation : অপৰিৱৰ্তিত হৈ আছে অসমৰ বান পৰিস্থিতি ৷ এই পৰ্যন্ত মৃত্যু হৈছে ১৪ গৰাকী লোকৰ ৷ দেওবাৰৰ দিনটোত মৃত্যু এগৰাকীৰ ৷

Assam flood situation
ৰাজ্যত অপৰিৱৰ্তিত বান‌ পৰিস্থিতি (ETV Bharat Assam)

গুৱাহাটী, ৩ জুন : ৰাজ্যৰ বহু অঞ্চলত সোমবাৰে অপৰিবৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি । বানৰ সমান্তৰালভাৱে অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ । বানত দেওবাৰে পুনৰ ৩জনৰ মৃত্যু হৈছে । ইয়াকে লৈ চলিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পালে ।

এতিয়ালৈকে ৰাজ্যৰ তেৰখন জিলা ক্ৰমে হাইলাকান্দি, হোজাই, মৰিগাঁও, কৰিমগঞ্জ, নগাঁও, কাছাৰ, ডিব্ৰুগড়, গোলাঘাট, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ধেমাজি, কামৰূপ আৰু ডিমা হাছাওৰ প্ৰায় ছশ গাঁৱৰ ৫.৩৫ লক্ষাধিক লোক বানৰ কৱলত পৰিছে । বিশেষকৈ কাছাৰ, কৰিমগঞ্জ আৰু নগাঁও জিলাত সৰ্বাধিক গাঁও বানত বুৰ গৈছে । বানৰ ফলত ছয় লক্ষাধিক লোক প্ৰভাৱিত হোৱাৰ লগতে প্ৰায় ৫ হেজাৰ হেক্টৰ শস্যভূমি বানত বুৰ গৈছে ।

লগতে পঢ়ক: কালৰূপী বানত শিশুসহ ১১ জনৰ মৃত্যু, দহখন জিলাৰ ছয় লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি কাছাৰৰ অন্নপূর্ণাঘাটত আৰু কৰিমগঞ্জৰ বদৰপুৰঘাটত বৰাক নৈ, মৰিগাঁৱৰ ধৰ্মতুল আৰু নগাঁৱৰ কামপুৰত কপিলী আৰু কৰিমগঞ্জত কুশিয়াৰা নৈৰ পানী আজিও বিপদ সীমাৰ ওপৰেদি বৈ আছে । আনহাতে, ডিব্ৰুগড় আৰু যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ আৰু শোণিতপুৰৰ এন টি ৰোড ক্ৰছিঙত জীয়াভৰলী নৈয়ে সতর্কতা সীমা অতিক্ৰম কৰিছে যদিও বিপদ সীমাৰ তলেৰে বৈ আছে ।

বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে গুৱাহাটীৰপৰা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এন ডি আৰ এফ)ৰ এটা উচ্চ প্ৰশিক্ষিত দল বিশেষ বিমানেৰে শিলচৰলৈ ৰাওনা হৈছে । গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট এইচ পি এছ কাণ্ডাৰীৰ তত্ত্বাৱধানত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰপৰা শিলচৰ বিমানবন্দৰলৈ পুৱাৰ ভাগতে উদ্ধাৰ আৰু সাহায্য কাৰ্যত ব্যৱহৃত সামগ্ৰীসহ ৰাওনা হোৱা দলটোৱে ইতিমধ্যে দুপৰীয়াৰপৰা বৰাক উপত্যকাৰ বিভিন্ন ঠাইত বন্যাক্ৰান্তক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক সহায় কৰি আছে ।

লগতে পঢ়ক: বানত বিধ্বস্ত বৰাক : ৰে’লৰ দবাত আশ্ৰয় বানাক্ৰান্তৰ, বানত ডুবি কিশোৰৰ মৃত্যু

উল্লেখ্য যে ২৮ মে'ৰ পৰা এন ডি আৰ এফে মিজোৰামত ভূমিস্খলনত আৱদ্ধ হৈ পৰা লোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসামৰিক প্ৰশাসনক সহায় কৰিছে । আনহাতে, গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত চাৰি-পাঁচদিনলৈ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: বানৰ সংহাৰী ৰূপ : বলিয়া বানে প্ৰাণ ল’লে দুজনৰ, আন এজন সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.