ETV Bharat / bharat

আহিছিল চুৰি কৰিবলৈ, কুলাৰৰ ঠাণ্ডা বতাহ পাই টোপনিত লালকাল হ’ল চোৰ - Thief fell asleep

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 5:10 PM IST

Theft in doctor's house: চোৰ বিদ্যা উত্তম বিদ্যা, কিন্তু ধৰা পৰিলে শিলৰ খুন্দা ৷ এই প্ৰৱচনফাকি আপুনি নিশ্চয় শুনিছে ৷ চুৰি কৰিবলৈ আহি গৃহস্থৰ ঘৰতে টোপনি যোৱা এটা চোৰ ধৰা পৰিল হাতে-লোটে ৷ এতিয়া চোৰৰ ঠিকনা হ’ল কাৰাগাৰ ৷

Thief fell asleep
Theft in doctor's house (ETV Bharat)

নিউজ ডেস্ক, 3 জুন: যশস্বী ছবি পৰিচালক প্ৰয়াত মুনিন বৰুৱা পৰিচালিত ‘বাৰুদ’ ছবিখন আপুনি নিশ্চয় চাইছে ৷ সেই ছবিখনত হিৰণ্য ডেকা আৰু পবিত্ৰ বৰুৱাই কৰা চোৰৰ অভিনয়ৰ কথাও নিশ্চয় আপোনাৰ মনত আছে ৷ চুৰি কৰিবলৈ গৈ গৃহস্থৰ ঘৰৰ চালতে দুয়ো টোপনি যোৱা আৰু পিচদিনা পুৱা ৰাইজে লাঠি-টাঙোন লৈ দুই চোৰক নমাই আনি আৰক্ষীক চমজাই দিয়া এক ঘটনা দেখুওৱা হৈছিল ছবিখনত ৷

কিন্তু এইবাৰ ৰীলত নহয়, বাস্তৱতেই সংঘটিত হৈছে তেনে এক ঘটনা ৷ চুৰি কৰিবলৈ আহি গৃহস্থৰ ঘৰতেই টোপনিত লালকাল হ’ল চোৰ ৷ সাৰ পালে একেবাৰে পুৱাহে ৷ কিন্তু তেতিয়া আৰু চুৰি কৰাটো বাদেই পলোৱাৰো বাট নাথাকিল চোৰৰ বাবে ৷ আৰক্ষী ৰৈয়েই আছিল চোৰে সাৰ পোৱালৈ ৷ ধৰি-বান্ধি লৈ গ’ল থানালৈ ৷

লগতে পঢ়ক: সাহিত্য সভা ভৱনত চোৰৰ হাত চাফাই : মাছৰ পেটু ভজাৰে চোৰে পেট ভৰাই খাই গ’ল একাঁহী - Theft at Sahitya Sabha Bhawan

ডাক্তৰৰ ঘৰত সোমাল চোৰ: শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ গাজীপুৰ থানাৰ অন্তৰ্গত ইন্দিৰানগৰৰ এজন চিকিৎসকৰ ঘৰত সোমাল চোৰ ৷ চেক্টৰ 20 ত থকা ডাঃ সুনীল পাণ্ডেৰ ঘৰটো প্ৰায় বন্ধ থাকে ৷ দেওবাৰে পুৱা তেওঁৰ প্ৰতিবেশীয়ে ফোনযোগে জনালে যে তেওঁৰ ঘৰৰ দুৱাৰ খোলা আছে ৷ ইন্দিৰানগৰৰেই আন এটা ঘৰত বাস কৰা ডাঃ পাণ্ডে লগে লগেই তেওঁৰ ঘৰলৈ আহে ৷

ড্ৰয়িং ৰূমত কুম্ভকৰ্ণ নিদ্ৰাত চোৰ: ডাঃ পাণ্ডেই যেতিয়া নিজৰ ঘৰত আহি উপস্থিত হয়, তেওঁ দেখা পায় যে ড্ৰয়িং ৰূমত এজন যুৱক আৰামত শুই আছে ৷ যুৱকজনৰ কাষতেই পৰি আছিল বেটাৰীসহ ইনভাৰ্টাৰ, মটৰ, গীজাৰ আদি কেতবোৰ সামগ্ৰী ৷ চুৰি সামগ্ৰী গোটাই হয়তো চোৰৰ ভাগৰ লাগিল ৷ ইমান গৰমত কোঠাটোত এয়াৰ কুলাৰ চলাই চোৰে হয়তো অলপ আৰাম কৰিব খুজিছিল ৷ কিন্তু তাতেই চোৰ টোপনি গ’ল ৷

লগতে পঢ়ক: চালকে শুই থকাৰ সুবিধা লৈ ডিজেলসহ উধাও চোৰ - theft incident

চোৰ ধৰিবলৈ আহিল আৰক্ষী: ডাঃ পাণ্ডেই জনোৱা মতে, তেওঁ ঘৰত অচিনাকী যুৱকজনক দেখি তৎক্ষণাত আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে আৰক্ষী আহি উপস্থিত হ’ল ডাঃ পাণ্ডেৰ ঘৰত ৷ শুই থকা চোৰটোক জগাই লৈ গ’ল থানালৈ ৷ আৰক্ষীৰ জেৰাত চোৰটোৱে কয় যে তেওঁৰ নাম কপিল, তেওঁৰ ঘৰ গাজীপুৰৰ সমৌধীত ৷ শনিবাৰে মাজনিশা তেওঁ চুৰি কৰাৰ উদ্দেশ্যে ডাঃ পাণ্ডেৰ ঘৰত সোমাইছিল ৷ সেইসময়ত তেওঁ সুৰাপান কৰি আছিল ৷ বয়-বস্তু একগোট কৰি যেতিয়া তেওঁ ড্ৰয়িং ৰূমত সোমায়, কিন্তু অত্যধিক গৰমৰ বাবে তেওঁ এয়াৰ কুলাৰ চলাই অলপ সময় বহিছিল আৰু তাতেই টোপনি যায় ৷

এই সমগ্ৰ বিষয় সন্দৰ্ভত গাজীপুৰৰ আৰক্ষী পৰিদৰ্শক বিকাশ ৰায়ে কয় যে অভিযুক্তটো চুৰি চক্ৰৰ সদস্য আৰু এই অঞ্চলত বহু চুৰিৰ লগত জড়িত হৈ আছে । বৰ্তমান অভিযুক্ত চোৰটোক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: চোৰে লুটিলে ৩০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ - Theft Incident In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.