ইউ পি এছ চিত উজলিল বৰপেটাৰোডৰ আজমল হুছেইন - UPSC Result 2023

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 8:40 PM IST

thumbnail

বৰপেটাৰোড, ১৬ এপ্ৰিল: আজি ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছচি) পৰীক্ষাত বৰপেটাৰোডৰ আজমল হুছেইনে ১০১৩ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । অতি মেধাৱী ছাত্ৰ আজমল হুছেইনে সৰ্বভাৰতীয় পৰীক্ষাত সফলতা লাভ কৰাত তেওঁৰ বৰপেটাৰোডৰ উত্তৰ বৰপেটাৰোডস্থিত বাসভৱনত আনন্দৰ লহৰ বৈছে । আতচবাজী ফুটাই আনন্দ-উল্লাস কৰি আজমল হুছেইনক অভিনন্দন জনাইছে তেওঁৰ আত্মীয়স্বজনৰ লগতে শুভাকাংক্ষী আৰু বন্ধু-বান্ধৱীসকলে ৷

আজমল হুছেইনে বৰপেটাৰোডৰ কাটাঝাৰ গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বাক্সাৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰিছিল । নৱোদয় বিদ্যলয়ৰ পৰা দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত দিল্লী আই আই টিৰ পৰা কেমিকেল ইঞ্জিনীয়াৰিঙত এম টেক ডিগ্ৰী লাভ কৰিছিল ৷ ইয়াৰ পিচত অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বঙাইগাঁও জিলাৰ অভয়াপুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া হিচাবে কৰ্মৰত হৈ আছিল । সৰুৰে পৰাই কঠোৰ অধ্যয়ন কৰা আজমল হুছেইনৰ এই সাফল্যত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ সকলোৱে আনন্দত উৎফুল্লিত হৈ পৰিছে । 

লগতে পঢ়ক:ইউ পি এছ চিত ৫৫২ নম্বৰ স্থানত নগাঁৱৰ ভাস্বত শইকীয়া - UPSC Result 2023

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.