ইউ পি এছ চিত ৫৫২ নম্বৰ স্থানত নগাঁৱৰ ভাস্বত শইকীয়া - UPSC Result 2023

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 6:21 PM IST

Updated : Apr 16, 2024, 7:49 PM IST

thumbnail

নগাঁও, ১৬ এপ্ৰিল: আজি ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছ চি)ৰ পৰীক্ষাৰ ফলাফল ৷ 1016 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে 2023 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৷ ইউ পি এছ চি পৰীক্ষাৰ ফলাফল অনুসৰি নগাঁৱৰ ভাস্বত শইকীয়াই ৫৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই । এগৰাকী আই এ এছ অথবা আই পি এছ বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ সপোন পুহি ৰখা ভাস্বত শইকীয়াই আজি ফলাফল ঘোষণাৰ পিচতেই  ই টিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ তিনি-চাৰি বছৰমানৰ পৰা এই সপোন পুহি ৰাখিছিল ।

তেওঁ এই পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে কয়," মই সম্পূৰ্ণ সময়ৰ বাবে প্ৰশিক্ষণ লোৱা নাছিলো । কেতিয়াবা সৰু সুৰা কোৰ্ছ কৰিছো ।" নগাঁৱৰ ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বত শইকীয়াই আজি সাফল্য় অৰ্জন কৰাৰ পিচতেই জিলাখনত আনন্দৰ জোৱাৰ উঠিছে । উল্লেখ্য় যে ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া বাচনি কৰিবলৈ ইউ পি এছ চিয়ে তিনিটা পৰ্যায়ত বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে ।

লগতে পঢ়ক:UPSCৰ ফলাফলত জিলিকিল অসমৰ কেবাগৰাকীও প্ৰাৰ্থী - UPSC Result 2023

Last Updated : Apr 16, 2024, 7:49 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.