ETV Bharat / state

UPSCৰ ফলাফলত জিলিকিল অসমৰ কেবাগৰাকীও প্ৰাৰ্থী - UPSC Result 2023

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 5:41 PM IST

Updated : Apr 16, 2024, 7:50 PM IST

Assamese in UPSC RESULT 2023
UPSCৰ ফলাফলত অসম সন্তান

ঘোষিত হ’ল 2023 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ৷ স্থান লাভ কৰা 1016 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত আছে অসমৰ ছগৰাকী ৷

গুৱাহাটী, ১৬ এপ্ৰিল : মঙলবাৰে ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষাৰ ফলাফল ৷ 1016 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে 2023 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৷ ইয়াৰে শীৰ্ষস্থান দখল কৰিছে আই আই টি কানপুৰৰ স্নাতক লক্ষ্নৌৰ আদিত্য শ্ৰীবাস্তৱে ৷ শ্ৰীবাস্তৱৰ এয়া UPSCৰ তৃতীয় প্ৰয়াস ৷

মঙলবাৰে ঘোষিত ফলাফলৰ 1016 গৰাকীৰ ভিতৰত আছে অসমৰ কেবাগৰাকীও মেধাৱী ৷ সেই অনুসৰি ১৭২ সংখ্যক স্থান লাভ কৰে অসমৰ অভিজ্ঞান হাজৰিকাই ৷ 230 সংখ্যক স্থান লাভ কৰে ৰিকি লহকৰ প্ৰধানে, 462ত আছে ঋতুৰাজ শৰ্মা, নগাঁৱৰ ভাস্বত শইকীয়াই লাভ কৰে ৫৫২ সংখ্যক স্থান, বৰপেটাৰোডৰ আজমল হুছেইনে লাভ কৰে ১০১৩ সংখ্যক স্থান ৷

৯৯২ সংখ্যক স্থান কল্লোল হাজৰিকাই লাভ কৰাৰ লগতে ৩২০ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হয় তেজপুৰৰ ইশ্বৰী ডেকাই । উল্লেখ্য যে তেজপুৰৰ চিত্ৰলেখা নগৰৰ নিবাসী ইশ্বৰী ডেকা হ’ল ৰঙাপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ৰমেন্দ্ৰ মোহন ডেকাৰ কন্যা ৷ তেওঁৰ মাতৃ ভাৰতী দাস হ’ল তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৷

মঙলবাৰে ঘোষিত UPSC পৰীক্ষাৰ ফলাফলৰ দ্বিতীয় স্থানত আছে ওডিশাৰ অনিমেষ প্ৰধান । কম্পিউটাৰ বিজ্ঞানৰ স্নাতক (বি. টেক) অনিমেষে সমাজবিজ্ঞানক বৈকল্পিক বিষয় হিচাপে লৈ অল ইণ্ডিয়া ৰেংকিঙত দ্বিতীয় স্থান লাভ কৰে । অনিমেষ প্ৰধানৰ এয়া আছিল UPSC পৰীক্ষাৰ প্ৰথম প্ৰয়াস ৷

তৃতীয় স্থানত থাকে তেলেংগানাৰ দোনুৰু অনন্যা ৰেড্ডী ৷ উল্লেখ্য যে অনন্যা ৰেড্ডীয়ে প্ৰথম প্ৰচেষ্টাতে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় । দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ভূগোলত স্নাতক অনন্যা ৰেড্ডী বৈকল্পিক বিষয় আছিল নৃতত্ত্ব ।

উল্লেখ্য যে ২০২৩ৰ ছেপ্টেম্বৰত অনুষ্ঠিত UPSC পৰীক্ষাৰ ফলাফলত নিৰ্বাচিত ১০১৬ গৰাকী প্ৰাৰ্থীৰ ৩৪৭ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১১৫গৰাকী অৰ্থনৈতিকভাৱে পিচপৰা, ৮৬গৰাকী ST, ১৬৫ গৰাকী SC আৰু ৩০৩ গৰাকী OBCৰ অন্তৰ্ভুক্ত ৷

লগতে পঢ়ক: চীনত মুক্তি পাব 12th ফেইল : 20 হাজাৰতকৈও অধিক পৰ্দাত দেখা যাব ছবিখন

Last Updated :Apr 16, 2024, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.