ETV Bharat / entertainment

চীনত মুক্তি পাব 12th ফেইল : 20 হাজাৰতকৈও অধিক পৰ্দাত দেখা যাব ছবিখন - 12th Fail in China

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 4:46 PM IST

12th Fail in China : 12th ফেইল ছবিখনৰ বৃহৎ সফলতাৰ পিচতে অচিৰেই চীনত মুক্তি পাব ছবিখন । চীনত 20 হাজাৰতকৈও অধিক পৰ্দাত মুক্তি দিয়া হ'ব ছবিখন ।

12th Fail in China
চীনত মুক্তি পাব 12th ফেইল ; 20 হাজাৰতকৈও অধিক পৰ্দাত দেখা যাব ছবিখন

চিটাৰা ডেস্ক, 16 এপ্ৰিল : শেহতীয়াকৈ বিক্ৰান্ত মেছি অভিনীত জনপ্ৰিয় ছবি 12th ফেইলে ছবিগৃহত অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে ৷ ছবিখনে এইবাৰ 25 সপ্তাহ সম্পূৰ্ণ কৰিছে । ছবিখন 2023 চনৰ 27 অক্টোবৰত মুক্তি লাভ কৰিছিল ।

ছানী দেউলৰ গাদাৰ-এক প্ৰেম কথাৰ মুক্তি 23 বছৰৰ পিচত 12th ফেইল ছবিখন ইমান দীঘলীয়া সময়ৰ বাবে ছবিগৃহত আছিল ।

এইবাৰ এই জনপ্ৰিয় ছবি 12th ফেইল অচিৰেই চুবুৰীয়া ৰাষ্ট্ৰ চীনত মুক্তি লাভ কৰিব ৷ এক সাক্ষাৎকাৰত, বিক্ৰান্ত মেছিয়ে প্ৰকাশ কৰিছে যে 12th ফেইল চলচ্চিত্ৰখন চীনত মুক্তি পাব । ছবিখনৰ বিষয়ে এই সময়তেই এনেকৈ পতাটো খৰধৰ কৰা হ’ব ৷ এনে এক সাফল্যৰ বাবে তেওঁ বহুত উৎসাহী বুলি জানিবলৈ দিয়ে ৷ অভিনেতাজনে জানিবলৈ দিয়া অনুসৰি, তেওঁ ছবিখনৰ প্ৰচাৰৰ বাবে অতি সোনকালে চীনলৈ যাব ।

বিক্ৰান্তে এই সাক্ষাৎকাৰটোত লগতে কয়যে, 12th ফেইলৰ নিৰ্মাতাসকলে এতিয়া চীনত ছবিখন মুক্তি দিয়াৰ প্ৰস্তুতি চলাইছে ৷ ছবিখন চীনত 20 হাজাৰৰো অধিক পৰ্দাত মুক্তি দিয়া হ'ব । যোৱা কেইমাহমান ধৰি ছবিখনৰ মুক্তিৰ কাম চলি আছে ।

চীনত হিন্দী চলচ্চিত্ৰৰ এক বিশাল চাহিদা আছে । 12th ফেইল চলচ্চিত্ৰখনে 20 হাজাৰতকৈও অধিক পৰ্দা লাভ কৰিছে ।

12th Fail ছবিখনৰ কাহিনী বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত । এই ছবিখন অনুৰাগ পাঠকে ৰচনা কৰা ‘12th Fail’ নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত, য’ত আই পি এছ বিষয়া মনোজ কুমাৰ শৰ্মা আৰু আই আৰ এছ বিষয়া শ্ৰদ্ধা যোশীৰ যাত্ৰাৰ কথা কোৱা হৈছে ।

লগতে পঢ়ক: 12th Fail ৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰি আৱেগিক হৈ পৰিল বিক্ৰান্ত মচ্ছী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.