ETV Bharat / entertainment

12th Fail ৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰি আৱেগিক হৈ পৰিল বিক্ৰান্ত মচ্ছী

Vikrant Massey: 12th Fail ছবিখনৰ পিচত সকলোৱে বিক্ৰান্ত মচ্ছীৰ প্ৰশংসা কৰিছে । ছবিখনে বহু ফিল্মফেয়াৰ বঁটাও লাভ কৰিছে । এতিয়া এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি নিজৰ অনুভৱ প্ৰকাশ কৰিছে বিক্ৰান্ত মচ্ছীয়ে ।

Vikrant Massey's emotional post after winning the Filmfare Award for 12th fail
ফিল্মফেয়াৰ বঁটা লাভ কৰি আৱেগিক হৈ পৰিল বিক্ৰান্ত মচ্ছী
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 4:51 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ৩০ জানুৱাৰী: বিক্ৰান্ত মচ্ছী আৰু মেধা শংকৰৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হৈছে ‘12th Fail’ । দৰ্শকৰ লগতে বহু তাৰকাও এই ছবিখনৰ অনুৰাগী হৈ পৰিছে । সকলোৱে কাহিনীৰ লগতে ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকলৰো যথেষ্ট প্ৰশংসা কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে, শেহতীয়াকৈ ফিল্মফেয়াৰ বঁটা ২০২৪ অনুষ্ঠিত হৈ যায় ৷ কিন্তু এইবাৰ ফিল্মফেয়াৰ বঁটাত আধিপত্য বিস্তাৰ কৰে বিক্ৰান্ত মচ্ছীৰ অভিনীত 12th Fail ছবিখনে ৷ ছবিখনে বহুকইটা শাখাত ফিল্মফেয়াৰ বঁটা লাভ কৰিছে । ইফালে ছবিখনৰ বাবে বিক্ৰান্ত মচ্ছীয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতা (সমালোচক) বঁটা । এনে পৰিস্থিতিত অভিনেতাজনে এটা পোষ্ট শ্বেয়াৰ কৰিছে।

ফিল্মফেয়াৰ বঁটা লাভ কৰি আৱেগিক হৈ পৰিল বিক্ৰান্ত

চলচ্চিত্ৰ জগতত কাম কৰা তাৰকাসকলৰ বাবে ফিল্মফেয়াৰ বঁটা অতি গুৰুত্বপূৰ্ণ । 12th Fail ছবিখনৰ বাবে বিক্ৰান্ত মচ্ছীয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতা (সমালোচক)ৰ বঁটা । এই মুহূৰ্তটো অভিনেতাগৰাকীৰ বাবে আছিল অতি বিশেষ ।

এতিয়া বিক্ৰান্তে বঁটাৰ সৈতে এখন ফটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি লিখিছে, "অৱশেষত আমি ঘৰলৈ আহিলোঁ ।" ইয়াৰ পিচত অভিনেতাগৰাকীয়ে বিধু বিনোদ চোপ্ৰা আৰু ফিল্মফেয়াৰক টেগ কৰি লিখিছে, "মোৰ শৈশৱৰ সপোন পূৰণ কৰাৰ বাবে ধন্যবাদ।" ফটোখনত বিক্ৰান্তক বঁটাটোৰ ফালে চাই থকা দেখা গৈছে ।

12th Fail ছবিখনে ৫টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে

12th Fail ছবিখন নিঃসন্দেহে বলীউডৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হৈছে । ছবিখনে শ্ৰেষ্ঠ ছবি (জনপ্ৰিয়), শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা (সমালোচক) আৰু শ্ৰেষ্ঠ চিত্ৰনাট্য, সম্পাদনাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছে । ইয়াৰ পৰা বুজি পোৱা যায় যে নিশ্চিতভাৱে ছবিখন সফল হৈছে ।

লগতে পঢ়ক: ফিল্মফেয়াৰত আধিপত্য বিস্তাৰ ১২th Failৰ, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৰণবীৰ-আলিয়ালৈ