ETV Bharat / entertainment

ফিল্মফেয়াৰত আধিপত্য বিস্তাৰ ১২th failৰ, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৰণবীৰ-আলিয়ালৈ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 12:16 PM IST

Filmfare Awards 2024 full list of Winners: দেওবাৰে নিশা গুজৰাটত অনুষ্ঠিত হয় ৬৯ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড । বিজয়ীৰ সম্পূৰ্ণ তালিকা ইয়াত চাওক ।

Filmfare Awards 2024: Double Celebrations for Ranbir-Alia; Animal, 12th Fail Emerge Sweeping Winners
ফিল্মফেয়াৰত আধিপত্য বিস্তাৰ ১২th failৰ

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: দেওবাৰে গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত হয় ৬৯ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ । এইবাৰ কৰণ জোহৰ আৰু মনীষ পলে শ্ব’টোৰ আঁত ধৰোতাৰ ৰূপত থাকে ৷ বৰুণ ধৱন, জাহ্নৱী কাপুৰ, কৰীণা কাপুৰ খানৰ দৰে বহু চেলিব্ৰিটিয়ে মঞ্চত আকৰ্ষণীয় নৃত্যৰে সকলোকে আপ্লত কৰি তোলে । এই বছৰত কোনে কোনটো শাখাত বঁটা লাভ কৰিলে জানো আহক এই প্ৰতিবেদনত ৷

শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৰণবীৰ-আলিয়ালৈ

তালিকাখনৰ প্ৰথম নামটো হ’ল বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰৰ । এনিমেল ছবিত কৰা উজ্জ্বল অভিনয়ৰ বাবে ৰণবীৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে । আনহাতে আলিয়া ভাটে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ।

ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৪ৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা

শ্ৰেষ্ঠ পৰিচালক

এইবাৰ, ২০২৪ চনৰ ফিল্মফেয়াৰ বঁটাত ‘12th Fail’ ছবিখনৰ বাবে বিধু বিনোদ চোপ্ৰাক শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত কৰা হয় ।

শ্ৰেষ্ঠ সহ অভিনেতা পুৰুষ

শ্বাহৰুখ খানৰ হিট ছবি ‘ডাংকি’ত অভিনয় কৰি শ্ৰেষ্ঠ সহ অভিনেতা পুৰুষৰ বঁটা লাভ কৰিছে বিকি কৌশলে ।

শ্ৰেষ্ঠ সহ অভিনেত্ৰী

৬৯ সংখ্যক ফিল্মফেয়াৰত শ্বাবানা আজমীয়ে লাভ কৰে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ মহিলা বঁটা ।

শ্ৰেষ্ঠ নৱাগত পৰিচালক

‘ঢক ঢক’ৰ বাবে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিছে তৰুণ ধুধেজাই ।

শ্ৰেষ্ঠ নৱাগত মহিলা-পুৰুষ

ফাৰে অভিনেত্ৰী আলিজেহ অগ্নিহোত্ৰীয়ে শ্ৰেষ্ঠ নৱাগত মহিলাৰ বঁটা লাভ কৰাৰ বিপৰীতে আদিত্য ৰাৱাল মিনে ‘ফৰাজ’ৰ বাবে শ্ৰেষ্ঠ নৱাগত পুৰুষৰ বঁটা লাভ কৰে ।

লাইফ টাইম এচিভমেণ্ট

এইবাৰ পৰিচালক ডেভিদ ধৱনক লাইফ টাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয় । হিন্দী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয় ।

শ্ৰেষ্ঠ অভিনেত্ৰী সমালোচক

‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী সমালোচকৰ বঁটা লাভ কৰে ৰাণী মুখাৰ্জীয়ে ।

শ্ৰেষ্ঠ প্লেবেক গায়ক পুৰুষ

এনিমেলৰ ছুপাৰহিট গীত ‘অৰ্জন ভেলী’ৰ বাবে শ্ৰেষ্ঠ প্লেবেক গায়কৰ বঁটা লাভ কৰে ভূপিন্দৰ বব্বলে ।

শ্ৰেষ্ঠ প্লেবেক গায়িকা মহিলা

আনহাতে শিল্পা ৰাৱে ‘বেশৰম ৰং’ৰ বাবে শ্ৰেষ্ঠ প্লেবেক গায়িকাৰ বঁটা লাভ কৰে ।

শ্ৰেষ্ঠ সংগীত এলবাম বঁটা: (এনিমেল) প্ৰীতম, বিশাল মিশ্ৰ, মনন ভৰদ্বাজ, শ্ৰেয়স পুৰাণিক, জানি, ভূপিন্দৰ বব্বল, আশীম কেমছন, হৰ্ষবৰ্ধন ৰামেশ্বৰ আৰু গুৰিন্দৰ ছিগাল ৷

শ্ৰেষ্ঠ গীতৰ বঁটা: অমিতাভ ভট্টাচাৰ্য (তেৰে বাস্তে ফালাক সে )

শ্ৰেষ্ঠ স্ক্ৰিন্ প্লে’: বিধু বিনোদ চোপ্ৰা (12th Fail)

শ্ৰেষ্ঠ কাহিনী: অমিত ৰায় (OMG 2) আৰু 'জোৰাম' (দেৱাশীষ মাখিজা)

শ্ৰেষ্ঠ অভিনেতা সমালোচক: বিক্ৰান্ত মচ্ছী (12th Fail)

শ্ৰেষ্ঠ অভিনেত্ৰী সমালোচক: (শ্বেফালী শ্বাহ)

শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক: দেৱাশীষ মাখিজা (জোৰাম)

লগতে পঢ়ক: ২০২৪ৰ পদ্ম বঁটাৰ তালিকাত মনোৰঞ্জন জগতৰ কোনে কোনে পালে স্থান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.