অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ ফলাফলত শীৰ্ষস্থান দখল গৌৰীপুৰৰ ৰছিকা ইছলামৰ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 11:10 PM IST

thumbnail

ধুবুৰী, 17 জানুৱাৰী: বুধবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলত উজলি উঠিল ধুবুৰীৰ গৌৰীপুৰৰ ৰাছিকা ইছলাম । নিজৰ স্বামীৰ সৈতে একেলগে ২০২১ বৰ্ষত এপিএছচিৰ প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হৈ বিক্ৰীকৰ বিভাগত পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল ৰছিকা ইছলামে । কিন্তু ৰচিকাৰ সপোন যেন পূৰণ হোৱা নাছিল । সেয়ে চাকৰি কৰাৰ সমানে সমানে কোনো ধৰণৰ প্ৰশিক্ষণৰ সহায় নোলোৱাকৈ পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল ৰছিকা ইছলামে ।

২০২১ বেচৰ প্ৰশাসনিক বিষয়া ৰশিনুল আলমৰ পত্নী ৰছিকা ইছলামে স্বামীৰ পৰামৰ্শ মতেই নিজে প্ৰস্তুতি চলাই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২০২২ বৰ্ষত । আজি ফলাফল অনুসৰি প্ৰশাসনিক বিভাগত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় ৰাছিকাই । ফলাফল ঘোষণা হোৱাৰ পিছত সাংবাদিকৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰে ৰছিকাই । এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰে ৰাছিকা ইছলামে । 
লগতে পঢ়ক: অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.