ETV Bharat / state

অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 8:36 PM IST

Updated : Jan 17, 2024, 8:52 PM IST

APSC CCE Final Result : অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা ৷ অসম অসামৰিক সেৱাত প্ৰথম স্থান লাভ কৰিছে গৌৰীপুৰৰ ৰচিকা ইছলামে ৷

APSC CCE Final Result
2022 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

গুৱাহাটী, 17 জানুৱাৰী : ঘোষণা কৰা হ’ল বহু প্ৰত্যাশিত অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল ৷ বুধবাৰে সন্ধিয়া ৱেবছাইটযোগে ঘোষণা কৰা হয় এই ফলাফল ৷ www.apsc.nic.in ত উপলদ্ধ হৈছে এই পৰীক্ষাৰ ফলাফল ৷ ৯১৩ গৰাকী প্ৰাৰ্থী নিযুক্তিৰ বাবে নিৰ্বাচিত হৈছে।

APSC CCE Final Result
অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

অসম অসামৰিক সেৱাত (ACS) স্থান লাভ কৰিছে 86 গৰাকী প্ৰাৰ্থীয়ে ৷ অসম অসামৰিক সেৱাত প্ৰথম স্থান লাভ কৰিছে গৌৰীপুৰৰ ৰচিকা ইছলামে ৷ দ্বিতীয় স্থান লাভ কৰিছে মিৰ্জাৰ দীক্ষিত দাসে ৷ ইফালে অসামৰিক সেৱাত তৃতীয় স্থান লাভ কৰিছে ডিগবৈৰ বিথপী গগৈয়ে ৷

APSC CCE Final Result
অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

আনহাতে অসম আৰক্ষী সেৱাত (APS) 65 গৰাকী প্ৰাৰ্থীয়ে স্থান লাভ কৰিছে ৷ অসম আৰক্ষী সেৱাত প্ৰথম স্থান লাভ কৰিছে হোজাইৰ ৰোহিত চৌধুৰীয়ে ৷ আৰক্ষী সেৱাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে শ্ৰেয়া আগৰৱাল আৰু ভাৰ্গিছ কুমাৰ ডেকাই ৷

APSC CCE Final Result
অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ 913 টা বিভিন্ন পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা ৷ প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় 74,368 গৰাকী পৰীক্ষাৰ্থী ৷ 2023 বৰ্ষৰ এপ্ৰিল মাহত ঘোষিত হোৱা প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈছিল 10,148 গৰাকী পৰীক্ষাৰ্থী ৷

ইফালে মূল পৰীক্ষা অনুষ্ঠিত হৈছিল 2023 বৰ্ষৰ জুলাই মাহত ৷ 8, 9 আৰু 10 জুলাইত অনুষ্ঠিত হৈছিল মূল পৰীক্ষা ৷ উল্লেখ্য যে মূল পৰীক্ষাত মুঠ 6খন প্ৰশ্নকাকত আছিল ৷ প্ৰতিখন কাকতত মুঠ 250 নম্বৰকৈ আছিল আৰু তিনি ঘণ্টা সময় দিয়া হৈছিল ৷ 16 নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল মৌখিক পৰীক্ষা ৷ ৯ মাহৰ ভিতৰত সম্পন্ন হয় সমগ্ৰ প্ৰক্ৰিয়াটো।

লগতে পঢ়ক : 2023-24 বৰ্ষৰ শিল্পী সন্মান ঘোষণা: 62 গৰাকীলৈ শিল্পী পেন্সন

Last Updated : Jan 17, 2024, 8:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.