ETV Bharat / state

2023-24 বৰ্ষৰ শিল্পী সন্মান ঘোষণা: 62 গৰাকীলৈ শিল্পী পেন্সন

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 5:52 PM IST

Silpi Sanman Assam: শিল্পী দিৱসৰ দিনটোত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে 2023-24 বৰ্ষৰ শিল্পী সন্মান প্ৰাপকসকলৰ নাম ৷ সেই অনুসৰি ৰাজ্যৰ 62 গৰাকী শিল্পীলৈ শিল্পী পেন্সন, 11 গৰাকী শিল্পীৰ পৰিয়াললৈ পেন্সন, 149 গৰাকী শিল্পীলৈ বাৰ্ষিক শিল্পী সন্মান(50 হাজাৰ টকা), 10 গৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈ বাৰ্ষিক শিল্পী সন্মান আৰু দহগৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ এককালিন সন্মান প্ৰদান কৰা হৈছে ৷

Silpi Sanman Assam
2023-24 বৰ্ষৰ শিল্পী সন্মান ঘোষণা

নিউজ ডেস্ক, 17 জানুৱাৰী: শিল্পী দিৱসৰ দিনটোত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে 2023-24 বৰ্ষৰ শিল্পী সন্মান ৷ সেই অনুসৰি ৰাজ্যৰ 62 গৰাকী শিল্পীলৈ শিল্পী পেন্সন, 11 গৰাকী শিল্পীৰ পৰিয়াললৈ পেন্সন, 149 গৰাকী শিল্পীলৈ বাৰ্ষিক শিল্পী সন্মান(50 হাজাৰ টকা), 10 গৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈ বাৰ্ষিক শিল্পী সন্মান আৰু দহগৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ এককালিন সন্মান প্ৰদান কৰা হৈছে ৷

2023-24 বৰ্ষৰ শিল্পী পেন্সন লাভ কৰা শিল্পীসকল হ’ল- ৰজনী পাটগিৰি, ভগীৰাম দাস, উত্তম বৰ্মন, পদ্মধৰ বসুমতাৰী, অচ্যুৎ ওজা, হৰিৰাম পাঠক, পবিত্ৰ তালুকদাৰ, লক্ষেশ্বৰ শইকীয়া, অতুল দাস, তিলক দাস, বীনাপাণি নাথ, দেৱযানী দাস, হৰিৰাম গোঁসাই, দ্ৰোণ ভূঞা, জ্যোৎস্না দত্ত, মহেশ্বৰ ডেকা, ইন্দ্ৰেশ্বৰ সোণোৱাল, ভোলাৰাম ৰয়, ৰাছিক আতাই, জোনালী বৰুৱা, পৰী ভূঞা, জিতেন পাল, নন্দ বৰ্মন, ছামছুদ্দিন আহমেদ, গোপাল বৰা, ভোগীৰাম হাজৰিকা, নিত্যৰঞ্জন বৰঠাকুৰ, সোমেশ্বৰ কলিতা, খৰ্গেশ্বৰ নাথ, নগেন কলিতা, বীৰেন চন্দ্ৰ কলিতা, মহেন্দ্ৰ ডাউকা, ৰীতা মহলীয়া, শান্তা উজীৰ, মাধৱ শৰ্মা, হীৰেন বৰা, ৰতন দাস, গিৰিজা দাস, ধীৰেন বৰুৱা, মুকুট বৰা, পখিলা লেংথেপি, নিৰ্মল বসুমতাৰী, ৰবীন দলে, ৰত্নেশ্বৰ কুলি, ৰূপৰাম শইকীয়া, নমোৰাম বৰা, ধনীৰাম দত্ত, টিকেন দাস, পূৰ্ণেশ্বৰ বৰুৱা, সুৰেন্দ্ৰ কাকতি, ললিত বৰুৱা, ভদ্ৰেশ্বৰ দাস, মহাদেৱ দাস, যাদৱ চন্দ্ৰ ডেকা, হৰেকৃষ্ণ তালুকদাৰ, ঘনকান্ত দত্ত, হীৰু বৰঠাকুৰ, কল্পনা কলিতা, গোপেশ্বৰ গোৱালা, জ্যোতি হাজৰিকা, মংগল সিং দৈমাৰী আৰু লুইত দাস ৷

আনহাতে পৰিয়াল পেন্সন লাভ কৰা শিল্পীসকল হ’ল- গজেন ৰাজখোৱা, প্ৰভাত চন্দ্ৰ বৰা, প্ৰমোদ চন্দ্ৰ ৰয়, কুলেন্দ্ৰ নাথ, কিৰণ শংকৰ ৰয়, বলদেৱ শইকীয়া, অতুল গোস্বামী, ৰন্টু বাগচী, নৰেশ বিশ্বাস, চন্দ্ৰ হংস সিনহা আৰু অৰুণ দাস ৷

ইয়াৰোপৰি দহগৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈ আগবঢ়োৱা হৈছে বাৰ্ষিক শিল্পী সন্মান ৷ তেওঁলোক হ’ল- নাৰায়ণ চন্দ্ৰ ওজা, মানিক বৰদলৈ, কমল মহন্ত, অনুপ মালাকাৰ, ৰঞ্জিৎ শৰ্মা, ভৱেশ দাস, গোপাল খাখলাৰী, নিৰ্মল বসুমতাৰী, জ্যোতি শৰ্মা আৰু মন্টু কমল বৰুৱা ৷

তদুপৰি দহগৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ আগবঢ়োৱা হৈছে বিশেষ সাহায্য ৷ তেওঁলোক হ’ল- পুষ্প কান্ত বৰা, হেম চন্দ্ৰ বুজৰবৰুৱা, খগেন্দ্ৰ ভূঞা, নিকিন বৰ্মন, গদাধৰ কলিতা, ভৈৰৱ বৰ্মন, ভুৱনেশ্বৰ মহিলাৰী, তাৰাকেশ্বৰ চক্ৰৱৰ্তী, কিশোৰ গিৰি আৰু জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱা ৷

ইফালে শিল্পী সদানন্দ গগৈসহ 149 গৰাকী শিল্পীলৈ আগবঢ়াইছে 50 হাজাৰ টকাৰ এককালিন সাহায্য ৷ অৱশ্যে অপমানিত বোধ কৰি এই সাহায্য গ্ৰহণৰ পৰা বিৰত থাকে সদানন্দ গগৈ ৷

লগতে পঢ়ক: তেজপুৰত অসম চৰকাৰৰ কেন্দ্ৰীয় শিল্পী দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.