ETV Bharat / sports

পেৰিছ অলিম্পিকৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত নকৰে ডব্লিউএফআয়ে; ক্ষুণ্ণ মল্লযোদ্ধা আদালতৰ দ্বাৰস্থ - Peris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 9:34 PM IST

Indian Wrestlers to Peris Olympics : ভাৰতীয় কুস্তি ফেডাৰেচনৰ (ডব্লিউএফআই) সভাপতি সঞ্জয় সিঙে নিশ্চিত কৰিছে যে পেৰিছ অলিম্পিকৰ বাবে কোনো বাছনি পৰীক্ষণ নহয় । ইয়াৰ বিপৰীতে কোটা বিজয়ীসকলে পেৰিছ অলিম্পিকত খেলিবলৈ সুযোগ পাব । আনহাতে, এই সিদ্ধান্তত সুখী নহয় এগৰাকী জ্যেষ্ঠ মল্লযোদ্ধা । তেওঁ ডব্লিউএফআইৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ বাবে আদালতত টোকৰ মাৰিছে ।

Indian Wrestlers to Peris Olympics
ডব্লিউএফআইৰ সিদ্ধান্তত ক্ষুণ্ণ এগৰাকী মল্লযোদ্ধা (ETV Bharat)

স্পৰ্টছ ডেস্ক, ২১ মে' : পেৰিছ অলিম্পিকৰ পূৰ্বে ভাৰতীয় কুস্তি ফেডাৰেচনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যাৰ ফলত ডব্লিউএফআই আৰু মল্লযোদ্ধাসকলৰ মাজত পুনৰবাৰ বিবাদৰ সৃষ্টি কৰিছে । অৱশ্যে এই সিদ্ধান্তৰ ফলত পেৰিছ অলিম্পিকৰ বাবে বিনেশ ফোগাটকে ধৰি 6 গৰাকী মল্লযোদ্ধাৰ পথ মুকলি কৰিছে । ভাৰতীয় কুস্তি ফেডাৰেচনৰ (ডব্লিউএফআই) সভাপতি সঞ্জয় সিঙে আইএএনএছক জনাইছে যে সাতজনীয়া নিৰ্বাচক সমিতিয়ে পেৰিছ অলিম্পিকৰ বাবে কোনো বাছনি পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে ।

ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি সঞ্জয় সিঙে কয় যে সাতজনীয়া নিৰ্বাচক সমিতিয়ে পেৰিছ অলিম্পিকৰ বাবে কোনো বাছনি পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে । সিঙে কয়, "যিহেতু পেৰিছ অলিম্পিকৰ বাবে কুস্তিৰ ক্ষেত্ৰত কোনো বাছনি পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছে, সেয়েহে ছয়গৰাকীয়ে কোটাৰ ভিত্তিত ২০২৪ চনৰ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব ।"

অৱশ্যে সূত্ৰসমূহে আইএএনএছক কয় যে এগৰাকী জ্যেষ্ঠ ভাৰতীয় মল্লযোদ্ধা এই সিদ্ধান্তত সুখী নহয় আৰু ডব্লিউএফআয়ে গ্ৰহণ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আদালতলৈ গৈছে । ইফালে পেৰিছ অলিম্পিকৰ কোটা বিজয়ী অন্তিম পাংঘালৰ পৰিয়ালে ডব্লিউএফআইৰ সিদ্ধান্তক আদৰণি জনাই কয় যে তেওঁলোকে অলিম্পিকত মনোনিবেশ কৰিবলৈ সক্ষম হ'ব ।

"এতিয়া তেওঁলোকে কোনো দুশ্চিন্তা অবিহনে অলিম্পিকত মনোনিবেশ কৰিব পাৰিব । ডব্লিউএফআইক বহুত ধন্যবাদ । অন্তিমে বৰ্তমান ছাই হিছাৰ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আছে ।" অন্তিমৰ পৰিয়ালৰ এগৰাকী সদস্যই কয় ।

উল্লেখ্য যে ২০২৪ চনৰ অলিম্পিকত ভাৰতীয় দলটোত ছয়গৰাকী মল্লযোদ্ধা থাকিব আৰু মহিলাৰ জৰিয়তে পাঁচটা কোটা আহিব । তুৰস্কৰ ইস্তাম্বুলত অনুষ্ঠিত বিশ্ব অলিম্পিক কুস্তি কোৱালিফায়াৰত অমন চেহৰাৱত আৰু নিশা দাহিয়াই ভাৰতৰ কোটা সংখ্যা ছয়লৈ উন্নীত কৰে ।

আনহাতে, ৫০ কিলোগ্ৰামত বিনেশ ফোগাট, ৫৩ কিলোগ্ৰামত অন্তিম পাংঘাল, ৫৭ কিলোগ্ৰামত অংশু মালিক আৰু ৭৬ কিলোগ্ৰাম শাখাত ৰীতিকা হুডাই ইতিমধ্যে বিভিন্ন কোৱালিফাইং ইভেণ্টত পেৰিছ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

লগতে পঢ়ক :অভিলেখৰ বাবে পৰিচিত হ’ব আই পি এল ২০২৪: জানো আহক এই ছিজনৰ কিছু দৰ্শনীয় অভিলেখ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.